গুৱাহাটী, 8 নৱেম্বৰ : খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় পশুধন আৰু হাঁহ কুকুৰা মেলা, ২০১৯ ৷ পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত এই মেলাৰ আয়োজন কৰা হৈছে ৷ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিং, অৰুণাচলৰ পশুপালন মন্ত্ৰী টাগা টাকি, ৰাজ্যৰ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তি ।
হাঁহ-কুকুৰা মেলাৰ উদ্বোধনী উদ্বোধনী ভাষণত মেলাৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, পশুপালনৰ ক্ষেত্ৰখনক বিশেষভাৱে প্ৰাধান্য দিয়া হ'ব । এই মেলাখনৰ উদ্দেশ্যই হৈছে ন-ন তথ্য-প্ৰযুক্তিৰ সৈতে কৃষকসকলক চিনাকি কৰাই দিয়া আৰু কৃষকসকলক আত্মনির্ভৰশীল কৰি তোলা । অহা ১ বছৰৰ ভিতৰত এই বিভাগটো ৰাজ্যৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ বিভাগ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে শইকীয়াই ৷
কেন্দ্ৰীয় পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিঙে তেওঁৰ ভাষণত কয় যে, উত্তৰ-পূৱৰ মূল দুৱাৰ হৈছে অসম । বিভিন্ন প্ৰযুক্তিবিদ্যাৰ সহায় লৈ ৪০০০ অসমৰ যুৱকক পশুপালন সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে ধনৰ আৱন্টন কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে উল্লেখ কৰে যে, এনে ধৰণৰ গৱেষণাগাৰ নিৰ্মাণ কৰি উলিওৱা হ'ব যাৰ সহায়ত ৩ লিটাৰ গাখীৰ দিয়া গাই গৰুয়ে ৩০ লিটাৰলৈকে গাখীৰ দিবলৈ সক্ষম হ'ব ৷
অসম কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে, এই মেলাৰ দ্বাৰা ৰাজ্যৰ কৃষকসকল উপকৃত হ'ব । কংগ্ৰেছ চৰকাৰৰ দিনত এই বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত শুই পৰিছিল বুলি মন্তব্য কৰে অতুল বৰাই । পশুপালনৰ নামত অহা সকলো টকা কংগ্ৰেছে আত্মসাৎ কৰিলে বুলি অভিযোগ উত্থাপন কৰে বৰাই ৷ মৃতপ্ৰায় বিভাগটো বৰ্তমান প্ৰাণ পাই উঠিছে বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, মাছ, কণী আদিৰ বাবদ ১৬৯১ কোটি আৰু মাংসৰ বাবদ ১০০০ কোটি টকা খৰছ কৰে ৰাজ্যই ৷ এনে এখন বজাৰ নিজৰ দখললৈ আনিবলৈ সকলোৱে চেষ্টা কৰা উচিত বুলি মন্তব্য কৰে সোণোৱালে ৷