গুৱাহাটী, 27 মে' : উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতে অসমত যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে । বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে নৈ-উপনৈ সমূহৰ জলস্তৰ । মহানগৰী গুৱাহাটীতো ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ যোৱা কিছুদিন ধৰি দ্ৰুতগতিত বৃদ্ধি পাই পাছে ।
বৰ্তমান মহানগৰীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ৪৮.০০ ছেন্টিমিটাৰত আছে ৷ মঙলবাৰৰ তুলনাত বুধবাৰে দিনৰ ১১ বজালৈ ১.৫ মিটাৰ বৃদ্ধি পাইছে পানীৰ স্তৰ ৷ মহানগৰী গুৱাহাটীত যোৱা ১৬ মে'ৰ পৰা বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷