গুৱাহাটী, 3 ডিচেম্বৰ :সমগ্ৰ বিশ্বতে ৩ ডিচেম্বৰৰ দিনটো দিব্যাংগ দিৱস হিচাপে পালন কৰা হয় (International Day of Persons with Disabilities)। এই বিশেষ দিনটো অসমৰো প্ৰায় প্ৰতিখন জিলাতে পালন কৰা হৈছে (World Disability day celebrate in Assam) ।
সমগ্ৰ দেশৰ লগতে অসমৰো দিব্যাংগ (বিশেষভাৱে সক্ষম) শিক্ষাৰ্থী সকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে উচ্চতম ন্যায়ালয়ৰ শেহতীয়া এটা গুৰুত্বপূৰ্ণ ৰায়ে । বিগত 30 অক্টোবৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দান কৰিছে(Important judgment of the Supreme Court for Disabled Students) যে এতিয়াৰে পৰা সাধাৰণ শিক্ষাৰ্থী সকলৰ সমানেই দিব্যাংগ ছাত্ৰ ছাত্ৰীয়েও শিক্ষা লাভ কৰিব। উচ্চতম ন্যায়ালয়ৰ এই ৰায় অত্যন্ত ইতিবাচক বুলি বিবেচিত হ'লেও অসমৰ প্ৰেক্ষাপটত কিন্তু এই নিৰ্দেশ সহজে বাস্তৱায়িত হ'ব বুলি আশা কৰিব নোৱাৰি ৷
ইয়াৰোপৰি দিব্যাংগৰ শিক্ষাদানৰ বাবে চৰকাৰীভাৱে স্বীকৃত স্পেছিয়েল এডুকেটৰৰ সংখ্যা অসমত আঙুলিৰ মুৰত লেখিব পৰা বিধৰ। অসম চৰকাৰে দিব্যাংগ শিক্ষাৰ্থী সকলৰ বাবে কেইবাখনো জিলাত বিশেষ বিদ্যালয় স্থাপন কৰিলেও এই পৰ্যন্ত চৰকাৰৰ এই প্ৰক্ৰিয়াই সামৰি লব পৰা নাই 17 খনকৈ জিলাক। দিব্যাংগৰ বাবে বিশেষ বিদ্যালয় নথকা এই 17 খন জিলা হ'ল- শোণিতপুৰ, হোজাই, মৰিগাঁও, ডিমা হাচাও, বাক্সা, ওদালগুৰি, গোৱালপাৰা, বিশ্বনাথ, কোকৰাঝাৰ, চিৰাং, দক্ষিণ শালমাৰা, শিৱসাগৰ, চৰাইদেউ, মাজুলী, হাইলাকান্দি আৰু কাৰ্বি আংলং ।