নিউজ ডেস্ক, 1 আগষ্ট : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী গুৱাহাটী(Indian Institute of Technology Guwahati) চমুকৈ আই আই আইটি গুৱাহাটী (IIT Guwahati) আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডে(Brahmaputra Board) উমৈহতীয়া প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰৰ জলসম্পদ সমূহ জনহিতাৰ্থে ব্যৱহাৰৰ সিদ্ধান্ত লৈছে ৷ এই প্ৰচেষ্টাযোগে বহু নতুন কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰি নৈখনক অধিক কাৰ্যক্ষম ৰূপত পৰিচালনা কৰাৰ কথা চিন্তা কৰা হৈছে ৷ ইতিমধ্যে, আই আই টি গুৱাহাটীৰ সঞ্চালক আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষৰ মাজত এই সম্পৰ্কত এখন চুক্তি স্বাক্ষৰ হৈছে ৷
অনুষ্ঠান দুটাৰ এই সম্পৰ্ক সম্পূৰ্ণ পৰীক্ষামূলক হ’ব ৷ এই প্ৰচেষ্টাৰ জৰিয়তে আই আই টিৰ শিক্ষাৰ্থী সকলৰ শিক্ষামূলক ভ্ৰমণ আৰু ব্যৱহাৰিক শিক্ষাৰ দিশত এই প্ৰকল্পই সহায় কৰিব বুলি আশা কৰা হৈছে ৷ শিক্ষাৰ্থী সকলৰ লগতে অসমৰ সমাজ জীৱনৰ উত্তৰণৰ ক্ষেত্ৰতো এই প্ৰচেষ্টা যথেষ্ট আশাব্যঞ্জক হ’ব বুলি সচেতন মহলে ধাৰণা কৰিছে ৷ আই আই টি গুৱাহাটীৰ (IIT Guwahati) চিভিল ইঞ্জিনিয়াৰিং বিভাগ(Civil Engineering Department)ৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাই জনোৱা মতে,আই আই টি গুৱাহাটীয়ে ইতিমধ্যে ‘ব্ৰহ্ম’ (BRAHMA) নামেৰে এটা ৰিভাৰ মডেল প্ৰতিষ্ঠা কৰিছে ৷