গুৱাহাটী,26 মাৰ্চঃ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ন্যায় আৰু সততা দাবী সমিতিৰ হৈ সংবাদমেল সম্বোধন কৰিছিল অধিবক্তা হাফিজ ৰছিদ চৌধুৰী, আব্দুল মান্নান আৰু মেহদী আলম বৰাই ৷ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজলৈ এই বিশেষ আহ্বান সংগঠনটোৰ ৷ সংগঠনটোৰ অভিযোগ, বিজেপি মিত্ৰজোঁট চৰকাৰে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে ৷ জনবিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰ ৷ সেয়েহে এইবাৰৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিব লাগে বুলি মন্তব্য় কৰে ন্যায় আৰু সততা দাবী সমিতি কৰ্মকৰ্তাই ৷
বিজেপি মিত্ৰজোঁটক প্ৰত্যাখ্যান কৰকঃ ন্যায় আৰু সততা দাবী সমিতি - বিধানসভা নিৰ্বাচন
বিজেপি মিত্ৰজোঁটক এইবাৰ নিৰ্বাচনত ৰাইজে প্ৰত্যাখ্যান কৰক ৷ বিজেপিক এইবাৰ কোনো কাৰণতে শাসনলৈ আহিবলৈ নিদিব ৷ এই দাবী ন্যায় আৰু সমতা দাবী সমিতিৰ ৷
![বিজেপি মিত্ৰজোঁটক প্ৰত্যাখ্যান কৰকঃ ন্যায় আৰু সততা দাবী সমিতি বিজেপি মিত্ৰজোঁটক প্ৰত্যাখ্যান কৰকঃ ন্যায় আৰু সততা দাবী সমিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11163300-thumbnail-3x2-mmm.jpg)
বিজেপি মিত্ৰজোঁটক প্ৰত্যাখ্যান কৰকঃ ন্যায় আৰু সততা দাবী সমিতি
বিজেপি মিত্ৰজোঁটক প্ৰত্যাখ্যান কৰকঃ ন্যায় আৰু সততা দাবী সমিতি
আনহাতে, বৃহস্পতিবাৰৰ সংবাদমেলত ৰাজ্যৰ নাগৰিক সকলক ৰাইজৰ পক্ষত থকা শক্তিক সমৰ্থন জনাবলৈ আহ্বান জনালে সংগঠনটোৱে ৷ বিজেপি মিত্ৰজোঁটৰ পৰিৱৰ্তে কংগ্ৰেছ, বামপন্থী নেতৃত্বাধীন মহাজোঁটক সুযোগ দিয়াৰ আহ্বান ন্যায় আৰু সততা দাবী সমিতিৰ ৷
লগতে পঢ়কঃঅংকিতা দত্তৰ ব্যতিক্ৰমী প্ৰতিবাদ