গুৱাহাটী, 5 জানুৱাৰী : চিকিৎসালয়ৰ ভিতৰতো শিপালে দালালচক্ৰই ৷ এই দালালে ৰেহাই দিয়া নাই সংকটজনক অৱস্থাৰ ৰোগীকো ৷ বিভিন্ন সময়ত তেজৰ নামত দালালি চলাই বহু দালাল গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ পোহৰলৈ আহিছে ICU ৰ দালালচক্ৰ ৷ বহুসময়ত আই চি ইউ বিচাৰি হাবাথুৰি খাবলগীয়া হোৱাৰ বিপৰীতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এতিয়া ICU দিয়াৰ নামত চলিছে দালালৰাজ (ICU broker at GMCH) ৷
ICU দিয়াৰ নামত ধন সংগ্ৰহ কৰিবলৈ গৈ বুধবাৰে হাতে লোটে ধৰা পৰিল এটা দালাল ৷ বিজু দাস নামৰ দালালটোৱে ICU দিয়াৰ নামত এজন ব্যক্তিৰ পৰা বিচৰা 7,500 টকাৰ আগধন হিচাপে বুধবাৰে লৈছিল ৫,০০০ টকা । ধন সংগ্ৰহৰ সময়তে চিকিৎসালয় কৰ্তৃপক্ষই কৰায়ত্ব কৰে দালালটোক ৷ ঘটনা সন্দৰ্ভত GMCH ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ভঙাগড় থানাত এজাহাৰ দাখিল কৰাৰ লগতে এনেধৰণৰ দালালৰ প্ৰৰোচনাত ভোল নাযাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ৷ GMCHৰ কেচ কাউন্টাৰৰ বাদে বেলেগৰ হাতত ধন নিদিবলৈও অধীক্ষকগৰাকীয়ে আহ্বান জনায় ৷