অসম

assam

মাজনিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ঘেৰাও ছাত্ৰ-ছাত্ৰীৰ

By

Published : Dec 11, 2019, 10:56 AM IST

মাজনিশালৈ গুৱাহাটী বিশ্ববিদ্যালয়ত অব্যাহত কেব বিৰোধী প্ৰতিবাদ ৷ বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিলৰ দাবীত উপাচাৰ্যক ছাত্ৰ সমাজৰ ঘেৰাও ৷ ছাত্ৰৰ প্ৰতিবাদত সেও মানি উপাচাৰ্যই বাতিল কৰিলে বুধবাৰে পুৱা হ'ব লগা পৰীক্ষা ৷

মাজনিশা কেবক লৈ উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়: পৰীক্ষা বাতিলৰ দাবীত উপাচাৰ্যক ছাত্ৰ সমাজৰ ঘেৰাও
মাজনিশা কেবক লৈ উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়: পৰীক্ষা বাতিলৰ দাবীত উপাচাৰ্যক ছাত্ৰ সমাজৰ ঘেৰাও

গুৱাহাটী, 11 ডিচেম্বৰ: কেবক লৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মঙলবাৰে মাজনিশালৈ গুৱাহাটী বিশ্ববিদ্যালয়ত অব্যাহত থাকিল জাতিধ্বংসী বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ বিশ্ববিদ্যালয় ছাত্ৰ সমাজে বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি ৰাখিলে বিশ্ববিদ্যালয়ৰ চৌহদ ৷ কেবৰ সমান্তৰালভাৱে আন্দোলন চলি থকাৰ মাজত বুধবাৰে পুৱা অনুষ্ঠিত হ'ব লগীয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষা বাতিলৰ দাবীত ছাত্ৰ সমাজৰ ঘেৰাৰ সন্মুখীন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ ৷ কেব আৰু পৰীক্ষা বাতিলৰ দাবীত নিশা একগোট হৈ ওলাই আহিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ৷

মাজনিশা কেবক লৈ উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়: পৰীক্ষা বাতিলৰ দাবীত উপাচাৰ্যক ছাত্ৰ সমাজৰ ঘেৰাও

ছাত্ৰ সকলৰ ব্যাপক প্ৰতিবাদৰ পাছত অৱশেষত উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে বুধবাৰে হ'ব লগা পৰীক্ষাসমূহ বাতিল কৰি বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ সাময়িকভাৱে স্থগিত ৰাখে ৷ ইফালে পৰীক্ষা সমূহ কিমান দিনলৈ স্থগিত ৰাখিব সেই বিষয়ত বুধবাৰে দুপৰীয়া বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত এখন বৈঠকত মিলিত হ'ব বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই ৷ এই বৈঠকত পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰা হ'ব ৷

আৰু পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত মন্তব্য নিদিয়ে ৰাষ্ট্ৰসংঘই

ABOUT THE AUTHOR

...view details