অসম

assam

ETV Bharat / city

ৰাজ্যত অবাধে চলিছে শিল-বালিৰ অবৈধ ব্যৱসায়; নিৰ্বিকাৰ প্ৰশাসন ! - members of karbi atonomus council

ৰাজহ আদায় নিদিয়াকৈ একাংশ ব্যৱসায়ীয়ে দিনে-নিশাই কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা নাগালেণ্ডলৈ শিল-বালি কঢ়িয়াই আছে । যাৰ ফলত নীতি বৰ্হিঃভূতভাৱে চলি থকা এই ব্যৱসায়ৰ ফলত অসম চৰকাৰে হেৰুৱাইছে এক বুজন পৰিমাণৰ ৰাজহ ৷

Huge_illegal_trade_of_sand_and_rock
ৰাজ্যত চলিছে শিল-বালিৰ অবৈধ ব্যৱসায়

By

Published : Nov 22, 2021, 12:13 PM IST

Updated : Nov 22, 2021, 12:24 PM IST

গুৱাহাটী, 22 নৱেম্বৰ : শিল-বালিৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে নতুন পদক্ষেপ হাতত লোৱাৰ পাছতো অব্যাহত আছে ব্যাপক অনিয়ম-দুর্নীতি । বিশেষকৈ বৰাক উপত্যকা আৰু কাৰ্বি আংলঙ(karbi anglong)ত এতিয়াও অনিয়মেই নিয়ম হৈ আছে । চৰকাৰক নির্ধাৰিত হাৰত ৰাজহ আদায় নিদিয়াকৈ একাংশ ব্যৱসায়ীয়ে কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা নাগালেণ্ডলৈ দিনে-নিশাই শিল-বালি কঢ়িয়াই আছে । যাৰ ফলত চৰকাৰে হেৰুৱাইছে এক বুজন পৰিমাণৰ ৰাজহ ।

উল্লেখযোগ্য যে, বন বিভাগৰ অধীনত থকা শিল-বালি আদিৰ ব্যাৱসায়িক প্ৰক্ৰিয়াটো ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে (himanta biswa sarma government) খনি আৰু খনিজাত সামগ্ৰী বিভাগৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত লৈছিল । লগতে বিভাগ সলনি কৰি শিল-বালিৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ইয়াৰোপৰি 1800 কোটি টকাৰ পৰা 5000 কোটি টকালৈ বছৰি ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰাও হৈছিল ।

ৰাজ্যত চলিছে শিল-বালিৰ অবৈধ ব্যৱসায়

কিন্তু এই সিদ্ধান্ত গ্ৰহণৰ দীর্ঘ সময় অতিক্ৰম হোৱাৰ পাচতো শিল-বালিৰ ব্যৱসায়ৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈ থকাৰ অভিযাগ উত্থাপিত হৈছে । কিয়নো চৰকাৰক নির্ধাৰিত হাৰত ৰাজহ আদায় নিদিয়াকৈ একাংশ ব্যৱসায়ীয়ে দিনে-নিশাই কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা নাগালেণ্ডলৈ শিল-বালি কঢ়িয়াই আছে ।

জানিব পৰা মতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াৰ (members of karbi atonomus council) লগত বুজাবুজিৰ মাজেৰে একাংশ ব্যৱসায়ীয়ে নীতিবহির্ভূতভাৱে চলাই আহিছে শিল-বালিৰ ব্যৱসায় (Huge illegal trade of rocks)। এই ব্যৱসায়ত কাৰ্বি আংলঙৰ একালৰ সশস্ত্ৰ বিপ্লৱীৰ লগতে নাগালেণ্ডৰ এন এছ চি এন জড়িত থকাৰো অভিযোগ উঠিছে । দিনে প্ৰায় এশৰ পৰা ডেৰশখন চূণশিলৰ ট্ৰাক কৰিমগঞ্জ সীমান্তৰে বাংলাদেশত প্ৰৱেশ কৰে ।

ৰাজ্যত চলিছে শিল-বালিৰ অবৈধ ব্যৱসায়

কাৰ্বি আংলঙৰ পৰা চলি থকা এই শিল-বালিৰ ব্যৱসায়ত এন এছ চি এনে এক বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছে বুলি জানিব পৰা গৈছে । যিহেতু ডিমাপুৰকে ধৰি নাগালেণ্ডৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ কাৰ্বি আংলঙৰ শিল-বালিৰ ওপৰত নিৰ্ভৰশীল ৷ সেয়ে এন এছ চি এন আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ একাংশ বিষয়ববীয়াৰ লগত বুজাবুজিৰ মাজেৰে এই ব্যৱসায় চলাই আছে ।

লগতে পঢ়ক :Akhil met CM : কইনাধৰাত এঘন্টা কি কথা পাতিলে অখিল গগৈ-হিমন্ত বিশ্ব শৰ্মাই ?

যাৰফলত নীতি বৰ্হিভূতভাৱে চলি থকা এই ব্যৱসায়ৰ ফলত অসম চৰকাৰে হেৰুৱাইছে এক বুজন পৰিমাণৰ ৰাজহ ৷ কিন্তু এই সকলো দুৰ্নীতি দেখিও অঞ্চল বিশেষে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰখনে । ইফালে কাৰ্বি আংলঙৰ লগতে বৰাক উপত্যকাতাৰ খনিজাত সামগ্ৰীৰ ব্যৱসায়ৰ (mineral tradings of karbianglong and barak valley) নামতো ব্যাপক লুণ্ঠন অব্যাহত আছে । বৰাক উপত্যকা হৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ দিনে-নিশাই চলি আছে চূণশিল ভৰ্তি ট্ৰাক ।

উল্লেখ্য যে, পূৰ্বতে বৰাকত কয়লাৰ ব্যৱসায়ত জড়িত লোকসকল বৰ্তমান চুণশিলৰ ব্যৱসায়ত জড়িত হৈছে । জানিব পৰা মতে মেঘালয়ৰ পৰা অসমৰ মাজেৰে সৰবৰাহ হোৱা চূণশিলৰ নামত অসমে কোনোধৰণৰ ৰাজহ লাভ নকৰে । আনকি গে'টসমূহতো বিশেষ তালাচী অবিহনেই চূণশিলৰ ট্ৰাকসমূহ পাৰ হ'বলৈ সুযাগ দিয়া হৈছে ।

প্ৰাপ্ত তথ্য মতে চলিত মাহত পৰা কয়লাৰ ক'লা ব্যৱসায় আৰম্ভ কৰিবৰ বাবেও বৰাকত ইতিমধ্যে কুচকাবাজ আৰম্ভ হৈছে । এজন সাংসদ আৰু এজন বিধায়কে কয়লা ছিণ্ডিকেটৰ নেতৃত্ব লোৱাৰ অভিযোগ উঠিছে ৷ শাসক পক্ষৰ ৰাজনৈতিক নেতা এই ছিণ্ডিকেটত জড়িত হোৱাত বৰাকত ন ৰূপত এই অবৈধ ব্যৱসায় গঢ় লোৱাটো স্পষ্ট হৈ উঠিছে ।

লগতে পঢ়ক :Parthona Scheme : ডিব্ৰুগড়ত প্ৰাৰ্থনা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী অতুল বৰাৰ

Last Updated : Nov 22, 2021, 12:24 PM IST

ABOUT THE AUTHOR

...view details