গুৱাহাটী, 30 ডিচেম্বৰ : ২০২২ চনৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (HSLC and AHSEC final exam date announced)৷ বৃহস্পতিবাৰে শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে (Education minister Dr Ranoj Pegu)। পৰীক্ষাৰ পূৰ্বে আৰম্ভ হ’ব ক’ভিডৰ ভেকচিনেচন প্রক্রিয়া ।
উল্লেখযোগ্য যে, শিক্ষা বিভাগে এপ্রিলৰ প্রথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য লৈছে । পৰীক্ষাৰ পূৰ্বে আৰম্ভ হ’ব ক’ভিডৰ ভেকচিনেচন প্রক্রিয়া (Vaccination drive before exam in Assam) । ৩ জানুৱাৰীৰ পৰা প্রতিখন জিলাৰ ১৫ খনকৈ বিদ্যালয় প্রতিদিনে ভেকচিনেচন প্ৰক্ৰিয়াত সামৰি লোৱাৰ লক্ষ্য লৈছে । এই সময়ছোৱাত অভিভাৱকেও ল’ব লাগিব দ্বিতীয় পালি ভেকচিন ।