অসম

assam

ETV Bharat / city

কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ ল’লে গৃহমন্ত্ৰী ৰাজনাথ সিঙে

দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Sing) শুকুৰবাৰে শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ লয় ৷ সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহতো উপস্থিত হয় গৃহমন্ত্ৰী ৰাজনাথ সিং (Rajnath Sing) ৷

By

Published : Jun 18, 2021, 12:06 PM IST

Updated : Jun 18, 2021, 2:30 PM IST

home-minister-rajnath-singh-arrives-at-kamakhya-dham-and-adopts-mother-kamakhyas-ashish
কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ললে গৃহমন্ত্ৰী ৰাজনাথ সিঙে

গুৱাহাটী, ১৮ জুন : দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ অহা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে গুৱাহাটীৰ নীলাচল পাহাৰৰ ওপৰৰ বিখ্যাত কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি মা কামাখ্যাৰ আশীষ লয় ৷ ক’ভিড নিষেধাজ্ঞাৰ বাবে মন্দিৰটো বৰ্তমান বন্ধ হৈ আছে আৰু সেয়ে সিঙে মুখ্য দুৱাৰৰ বাহিৰৰ পৰা প্ৰাৰ্থনা কৰে ৷ ৰাজনাথ সিঙক (Rajnath Sing) সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) । সিঙে মুখ্যমন্ত্ৰী সিংহ বিশ্ব শৰ্মাৰ সৈতে মন্দিৰটো পৰিক্ৰমা কৰাৰ লগতে আৰু দেৱীক প্ৰণাম জনাইছিল । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নিশাটো ৰাজভৱনত কটাইছিল য'ত ৰাজ্যপাল জগদীশ মুখীয়ে তেওঁৰ সন্মানত এক নৈশ ভোজৰ আয়োজন কৰিছিল ৷ এই নৈশ ভোজত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷

কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ললে গৃহমন্ত্ৰী ৰাজনাথ সিঙে

ইপিনে, সিঙে নতুন দিল্লীলৈ ৰাওনা হোৱাৰ আগতে সৰুচাজাই ষ্টেডিয়ামত ডিআৰডিঅ'ৰ দ্বাৰা নিৰ্মিত এখন ক’ভিড চিকিৎসালয় পৰিদৰ্শন কৰাৰ কথা আছে ৷ আনহাতে, সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহতো উপস্থিত হয় গৃহমন্ত্ৰী ৰাজনাথ সিং ৷ উল্লেখ্য যে, যে, গৃহমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কিমিন বিলগড়ত আৰুণাচলৰ সাতটাকৈ পথ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ সীমান্ত পথ প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মিত কিমিনৰ পৰা পুটিন সংযোগী পথটো নিজহাতে উদ্বোধন কৰাৰ লগতে অন্য ছটা গুৰুত্বপূৰ্ণ পথ উদ্বোধন কৰে অনলাইনযোগে ।

লগতে পঢ়ক : অচিৰেই ৰঙিয়াৰ পৰা কামাখ্যালৈ চলিব বিদ্যুৎ চালিত ৰেল

Last Updated : Jun 18, 2021, 2:30 PM IST

ABOUT THE AUTHOR

...view details