অসম

assam

গৃহৰক্ষী বাহিনীৰ দৰমহা বৃদ্ধিৰ নিৰ্দেশ তিনিমাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ দাবী

By

Published : Aug 14, 2022, 11:51 AM IST

অসমৰ গৃহৰক্ষী জোৱানলৈ ৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলী ভাট্টা ২৩ হাজাৰ টকা কৰাৰ বাবে সোমবাৰে নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে (High Court orders hike in wages of Assam Home Guards)। ৩০ দিনৰ ভিতৰত এই ৰায়টো কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । ইয়াৰ পাছতেই শনিবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই ৷

Home Guards demand to implement the HC order to increase the salary within three months
গৃহৰক্ষী বাহিনীৰ দৰমহা বৃদ্ধিৰ নিৰ্দেশ তিনিমাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ দাবী

গুৱাহাটী, ১৪ আগষ্ট: গৃহৰক্ষী বাহিনীৰ দৰমহা বৃদ্ধিৰ বাবে উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ তিনিমাহৰ ভিতৰত কাৰ্যকৰী কৰাৰ বাবে দাবী জনাইছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই (Allowance of Assam home guard) । গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি সন্থাৰ সভাপতি কামাখ্যা দাসে চৰকাৰলৈ এই আহ্বান জনায় (Home Guards demand to implement the HC order) ৷

কামাখ্যা দাসে সংবাদমেলত কয় যে, উচ্চতম ন্যায়ালয়ে ২০১৫ চনৰ ১১ মাৰ্চত সম কামৰ সম দৰমহা গৃহৰক্ষীসকল দিয়াৰ বাবে নিৰ্দেশ দিছিলে (High Court orders hike in wages of Assam Home Guards) । কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো ৰাজ্যত গৃহৰক্ষী জোৱানে নাপালে বৰ্ধিত দৰমহা । যাৰবাবে ২০২০ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত দৰমহা বৃদ্ধিক লৈ সন্থাই আবেদন কৰিছিল । এই আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিমাহৰ ভিতৰত বৰ্ধিত দৰমহা আদায়ৰ নিৰ্দেশ দিছিল চৰকাৰক ৷

সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি কামাখ্যা দাস

ইয়াৰ পাছতেই শনিবাৰে সন্থাৰ সভাপতি কামাখ্যা দাসে ৯,০০০ টকাৰ দৰমহাৰে কেনেকৈ ঘৰ চলাম বুলি মন্তব্য কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীক বৰ্ধিত দৰমহাৰ প্ৰসংগ উত্থাপন কৰাৰ বাবে আহ্বান জনায় (75 years of Independence) ।

উল্লেখ্য যে, ৰাজ্যত বৰ্তমান আছে ২৪,০০০ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান । ইয়াৰে ১০,৫০০ গৰাকী কৰ্মৰত ৰাজ্যৰ থানাসমূহত কৰ্মৰত হৈ আছে । অন্যান্য কাৰ্যালয়, প্ৰতিষ্ঠানত আছে ৬০০০ গৰাকী গৃহৰক্ষী জোৱান । ইপিনে ৮০০০ তকৈ অধিক গৃহৰক্ষী জোৱান প্ৰতি মাহে ৰিজাৰ্ভ হৈ থাকে ।

লগতে পঢ়ক :Allowance of Assam home guard : বৃদ্ধি হ’ল অসমৰ গৃহৰক্ষী জোৱানৰ ভাট্টা

ABOUT THE AUTHOR

...view details