বিশ্বজুৰি HIV.....
সমগ্ৰ বিশ্বতে বৰ্তমান ভয়াবহ ৰোগ ৰূপে দেখা দিছে HIV অৰ্থাৎ Human Immunodeficiency Virus য়ে ৷Global Health Obeservatory তথ্য অনুসৰি, সমগ্ৰ বিশ্বত বৰ্তমান HIV ত আক্ৰান্ত লোকৰ সংখ্যা 75 মিলিয়ন ৷ আনহাতে, HIV ত আক্ৰান্ত হৈ বৰ্তমানলৈকে মৃত্যু হৈছে 32 মিলিয়ন লোকৰ ৷
ভাৰতবৰ্ষত HIV....
তথ্য অনুসৰি, তুলনামূলকভাৱে পৃথিৱীৰ উন্নত দেশ সমূহৰ তুলনাত উন্নয়নশীল তথা অনুন্নত দেশসমূহত HIV ত আক্ৰান্ত লোকৰ সংখ্যা অধিক ৷
উন্নয়নশীল দেশ সমূহৰ ভিতৰত HIV ত আক্ৰান্ত ৰোগীৰ সংখ্যাৰে ভাৰতবৰ্ষৰ স্থান তৃতীয় ৷ 2017 চনৰ তথ্য অনুসৰি, ভাৰতত বৰ্তমান 2.1 মিলিয়ন ব্যক্তি HIV ৰোগত আক্ৰান্ত ৷ ইয়াৰ ভিতৰত যৌন কৰ্মী তথা গণিকাৰ লগত সম্পৰ্ক ৰখা ব্যক্তিৰ সংখ্যা 2.2%, তৃতীয় লিংগৰ ব্যক্তিৰ সম্পৰ্ক কৰাৰ পাচত HIVত আক্ৰান্ত ৰোগীৰ সংখ্যা 4.3% আৰু ড্ৰাগছ, তেজ, বেজী তথা অন্যান্য কাৰণত HIVত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা 9.9%. তাৰোপৰি বৰ্তমান পৰ্যন্ত HIV ত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা 54%.
উত্তৰ-পূৰ্বাঞ্চলত HIV...
আনহাতে, National AIDS Control Programmeৰ তথ্য অনুসৰি, ভাৰতৰ ভিতৰত HIV ত আক্ৰান্ত ৰোগী উত্তৰ-পূৰ্বাঞ্চলৰমণিপুৰ, মিজোৰাম আৰু নাগালেণ্ড এই তিনিখন ৰাজ্যত অধিক ৷
অসমত HIV....
উদ্ধেগজনকভাৱে অসমতো পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে HIV ত আক্ৰান্ত লোকৰ সংখ্যা ৷ তথ্য অনুসৰি, অসমত বৰ্তমানলৈ মুঠ ৪ লাখ ৫৮ হাজাৰ ৪ শ ৩৩ গৰাকী ব্যক্তিয়ে এই ৰোগৰ পৰীক্ষা কৰিছে । ইয়াৰে ১৭,৪৬৮ গৰাকীৰ HIV ত আক্ৰান্ত বুলি নিশ্চিত হৈছে । এই ৰোগত আক্ৰান্ত ১৩,৮৭৮ গৰাকীয়ে চিকিৎসাৰ বাবে পঞ্জীয়ণ কৰিছে যদিও বৰ্তমান ৭,৫০৩ গৰাকীয়েহে চিকিৎসা গ্ৰহণ কৰি আছে ।
আনহাতে, এই মুহূৰ্তলৈ ২৫১০ গৰাকী ৰোগী HIV ত আক্ৰান্ত হৈ মৃত্যু হৈছে । এই ৰোগ কামৰূপ, শিলচৰ, গোলাঘাটৰ লগতে ওদালগুৰি জিলাত বেছি হোৱা পৰিলক্ষিত হৈছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম HIV ত আক্ৰান্ত বুলি ৰাইজৰ আগত চিনাকী দিয়া তথা এই ৰোগৰ বিৰুদ্ধে জনসাধৰণক সজাগ কৰি অহা জাহ্নবী গোস্বামীয়ে প্ৰকাশ কৰা অনুসৰি, কেৱল যৌন সম্পৰ্কৰ বাবেই এই ৰোগ হোৱা বুলি লোৱা ধাৰণা একেবাৰে ভুল । তেজ আদান-প্ৰদান, ড্ৰাগছ সেৱন আদি কাৰণটো এই ৰোগ হোৱা দেখা যায় ।
HIV ৰ ভয়াবহতাৰ এক পৰ্যপেক্ষণ HIVত আক্ৰান্ত লোকৰ চিকিৎসা.....
HIV মানৱ দেহৰ তিনিটা দেহ ৰসৰ পৰা বিয়পে ৷ সেয়া হৈছে....তেজ, মাতৃ দুগ্ধ আৰু যৌন নিঃসৰণ ৷ HIV ত আক্ৰান্ত হ'লে ততাতৈয়াকৈ চিকিৎসা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী । বৰ্তমান HIV ৰ ঔষধৰ মূল্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সম্পূৰ্ণ বিনামূলীয়াভাৱে ইয়াৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
চিন্তনীয় বিষয়টো হ'ল এই পৰ্যন্ত HIV সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা ঔষধ চিকিৎসা বিজ্ঞানে আবিস্কাৰ কৰিব পৰা নাই ৷ এই ৰোগৰ পৰা বাচি থাকিবলৈ হলে সজাগতাই হৈছে একমাত্ৰ উপায় ৷