গুৱাহাটী, 3 মাৰ্চ : এতিয়াৰে পৰা আৰু অখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই ৷ ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা অব্যাহতি লৈছে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ৷ মঙলবাৰে ৰাইজৰ দলৰ কাৰাৰূদ্ধ নেতা অখিল গগৈয়ে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত কংগ্ৰেছকে ধৰি সকলো দলে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে বুলি লিখা পত্ৰৰ পাচতে ড৹ হীৰেন গোহাঁইয়ে দলটোৰ উপদেষ্টা পদৰ পৰা অব্যাহতি লৈছে বুলি ঘোষণা কৰিছে ৷
অখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই - অখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই
অখিল গগৈৰ উপদেষ্টা পদৰ পৰা অব্যাহতি ল'লে ড৹ হীৰেন গোহাঁইয়ে ৷ পত্ৰৰ জৰিয়তে অখিল গগৈয়ে কৰা মন্তব্য তেওঁৰ চিন্তাৰ পৰিপন্থী বুলি উল্লেখ কৰে বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে ৷
ড৹ হীৰেন গোহাঁই
গোহাঁইৰ মতে, পত্ৰৰ জৰিয়তে অখিল গগৈয়ে যি মন্তব্য কৰিছে সেয়া তেওঁৰ চিন্তাৰ পৰিপন্থী ৷ গতিকে দলটোৰ উপদেষ্টা হৈ থকাৰ তেওঁৰ ইচ্ছা নাই ৷ উল্লেখযোগ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন হোৱাৰ সময়ৰে পৰা আজিলৈকে ড৹ হীৰেন গোহাঁই অখিল গগৈৰ এগৰাকী পৰামৰ্শ দাতা আছিল ৷ বুদ্ধিজীৱী গৰাকীৰ এই সিদ্ধান্ত লক্ষণীয় হিচাপে বিবেচিত হৈছে ৷
লগতে পঢ়ক :গ্ৰীণউড ৰিজৰ্টত কংগ্ৰেছৰ নিৰ্বাচন কমিটীৰ প্ৰথমখন বৈঠক