অসম

assam

By

Published : Feb 28, 2022, 10:55 AM IST

ETV Bharat / city

Short Film Maya Release : ডাইনী হত্যাৰ আধাৰত নিৰ্মিত চুটি ছবি মায়াৰ শুভমুক্তি

দেওবাৰে গুৱাহাটীত মুক্তি দিয়া হয় হিন্দী চুটি ছবি ‘মায়া’ (Hindi Short film Maya Release) ৷ ডাইনী হত্যা, অন্ধবিশ্বাসকে ধৰি বিভিন্ন কু-সংস্কাৰৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰোৱাৰ মানসেৰে নিৰ্মাণ কৰা হৈছে ছবিখন ৷

witch hunting
চুটি ছবি ‘মায়া’ৰ শুভ মুকলি

গুৱাহাটী, 28 ফেব্ৰুৱাৰী : চিনেমা হৈছে মনোৰঞ্জনৰ লগতে সমাজৰ বাবে এক বাৰ্তাবাহক ৷ দৰ্শকক আমোদ প্ৰদান কৰাই যদিও ইয়াৰ মূল উদ্দেশ্য ৷ বিভিন্ন সময়ত সমাজৰ কিছু সংবেদনশীল বিষয়বস্তুক লৈ বহুতে চিনেমা নিৰ্মাণ কৰি আহিছে ৷

সমাজখনক বিভিন্ন বিষয় সন্দৰ্ভত অৱগত কৰোৱাত ছবিজগতৰ ভূমিকা প্ৰশংসনীয় ৷ কলকাতাৰ এজন চিত্ৰ নিৰ্মাতাই এইবাৰ নিৰ্মাণ কৰি উলিয়াইছে মায়া নামেৰে এখন হিন্দী চুটি ছবি (Short hindi film Maya) ৷ সমাজৰ বাবে অভিশাপস্বৰূপ ডাইনী হত্যা, অন্ধবিশ্বাসক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে ছবিখন (Witch Hunting based Short Film) ৷

চুটি ছবি ‘মায়া’ৰ শুভ মুকলি

দেওবাৰে গুৱাহাটীত এটা অনুষ্ঠানত মুকলি কৰা হয় ছবিখন ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমীয়া ছবি জগতৰ বলিষ্ঠ অভিনেতা নিপন গোস্বামী, জনপ্রিয় কণ্ঠশিল্পী ভৃগু কাশ্যপকে ধৰি অসমৰ সাংস্কৃতিক জগতৰ বহু কেইগৰাকী নবীন-প্ৰবীণ শিল্পী ।

আৰ চি প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা ৰমেন্দ্র কুমাৰ চমুৱাৰ ৷ ছবিখন পৰিচালনা কৰিছে সৌম্যজিত আদকে ৷ প্ৰণৱ মেধিয়ে চিত্ৰগ্ৰহণ কৰা ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ নীল নৱাজৰ ৷ অভিনয়ত আছে তনয়া নন্দী, জ্যোতিস্মান শৰ্মা আৰু ৰ'জ ৷ ডাইনী হত্যাৰ দৰে কু-প্ৰথা সমাজৰ পৰা একেবাৰে নাইকিয়া কৰাৰ ক্ষেত্ৰত ই এক প্ৰশংসনীয় পদক্ষেপ (Movie on witch hunting) হিচাপে পৰিচিত কৰা হৈছে ৷

লগতে পঢ়ক:New Assamese Comedy Movie: আহি আছে নতুন অসমীয়া ছবি “ৰাইন’ এক্সপ্ৰেছ”

ABOUT THE AUTHOR

...view details