গুৱাহাটী, 17 এপ্ৰিল :গুৱাহাটী পৌৰ নিগমৰ 60 গৰাকী কাউন্সিলাৰৰ বিপৰীতে 10 কৌটিকৈ মুঠ 600 কৌটি টকা অহা দুবছৰৰ ভিতৰত প্ৰদান কৰা হ'ব (Goverment will provide 600 crore) । প্ৰতিটো ৱাৰ্ডৰ সৰু-বৰ পথ পকী কৰাৰ বাবে কাউন্সিলাৰ সকলে এই ধন ব্যবহাৰ কৰিব পাৰিব (Improve infrastructure facilities in the GMC wards) ৷ দেওবাৰে মহানগৰীৰ নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) ।
এই সভাত উপস্থিত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত প্ৰবীণ কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ কংগ্ৰেছ দল ত্যাগ কৰাৰ (Ripun Bora Resigns from Congress) সন্দৰ্ভত কংগ্ৰেছ দলৰ ভিতৰুৱা কথাত মাত নিদিও বুলি মন্তব্য কৰে ৷ লগতে বিগত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ বিধায়কেই ৰিপুন বৰাকহেৰুৱাইছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma reacts on Ripun Bora's Congress Resign) ৷
লগতে দিশপুৰ সমষ্টিৰ অন্তৰ্গত মুঠ 8 ৱাৰ্ডৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC Election 2022) ক্ৰমবর্ধমান চাহিদা, প্ৰয়োজনীয়তাৰ লগত খাপ খুৱাই গুৱাহাটীখন আগবঢ়াই নিয়াৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ । ইতিমধ্যে চৰকাৰে বিগত 11 মহীয়া কাৰ্যকালত বিভিন্ন ধৰণৰ জনহিতকৰ আঁচনি হাতত লৈছে । খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সু-নিশ্চিত কৰাৰ স্বাৰ্থত ৰূপায়ণ কৰা 'মিচন বসুন্ধৰা (Mission Basundhara)' নামৰ আঁচনিৰ জৰিয়তে গুৱাহাটীৰ প্ৰায় 8 লাখ 30 হেজাৰ লোক উপকৃত হৈছে ।’’
এইবাৰ গুৱাহাটীৰ একচনীয়া ভূমি, দেৱত্তৰ ভূমি, পাহাৰীয়া মাটিত বসবাস কৰা খিলঞ্জীয়া লোকসকলক ভুমিৰ অধিকাৰ প্ৰদানৰ বাবে 'মিচন বসুন্ধৰা'- 2 আঁচনি ৰূপায়ণ কৰিব বুলিও জানিবলৈ দিয়ে । ইফালে নিম্ন মধ্যবিত্ত শ্ৰেণী লোকৰ বাবে ৰূপায়ণ কৰা অৰুনোদয় আঁচনিৰ জৰিয়তে পুনৰ গুৱাহাটীৰ 60 হেজাৰ লোকক এই আঁচনিত অন্তভুক্ত কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে । তেওঁ লগতে কয়, অৰুনোদয় আঁচনিৰ সুবিধা লাভ কৰা হিতাধিকাৰীসকলে এতিয়াৰ পৰা বিদ্যুতৰ বিল পৰিশোধ কৰাৰ বাবে প্ৰতিমাহে একাউন্টত 250 টকাকৈ লাভ কৰিব বুলিও সদৰি কৰে ।