অসম

assam

By

Published : Apr 19, 2020, 1:01 PM IST

ETV Bharat / city

অসমত প্ৰতি ১০ লাখৰ ১২০ জনকৈ লোকৰ তেজৰ নমুনা পৰীক্ষা

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি,অসমত কোভিড-১৯ বিৰুদ্ধে কঠোৰ প্ৰতিৰোধমুলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শনিবাৰে সংবাদমেলত এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শৰ্মাই প্ৰকাশ কৰা অনুসৰি, অসমত প্ৰতি ১০ লাখ লোকৰ মাজত ১২০ জনকৈ লোকক পৰীক্ষা কৰা হৈছে ।

Himanta Biswa Sarma: Per 10 Lakh people a total of 120 people are being tested in Assam
অসমত প্ৰতি ১০ লাখৰ ১২০ জনকৈ লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে

গুৱাহাটী, ১৯ এপ্ৰিলঃ অসমত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছে ১২০ জনকৈ লোকক । শনিবাৰে এখন সংবাদমেলত এই তথ্য সদৰী কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই । ইয়াৰ বিপৰীতে ঝাৰখণ্ডত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৯৬ জনক,পশ্চিম বংগত ৪২ জনক,উত্তৰ প্ৰদেশত ১০৬ জনক আৰু বিহাৰত ৭৭ জনক পৰীক্ষা কৰা হৈছে বুলি উল্লেখ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

সংবাদমেলত এই তথ্য দাঙি ধৰাৰ লগতে তেওঁ কয় যে,অসমত বৰ্তমানলৈকে ৪৪০০ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৩৪ টাৰ ফলাফল পজিটিভ পোৱা গৈছে । ৪১৯৯ টা নিগেটিভ পোৱা গৈছে আৰু ১৬৭ টাৰ ফলাফল এতিয়াও পাবলৈ বাকী আছে । অৱশ্যে পৰীক্ষা সম্পন্ন হোৱা এই সংখ্যাটোত মেঘালয় আৰু মিজোৰামৰ লোকো অন্তৰ্ভুক্ত হৈ আছে । পজিটিভ ধৰা পৰা সকলৰ ভিতৰত ১২ জন লোক সুস্থ হৈ উঠাৰ বাবে তেওঁলোকক ৰিলিজ দিয়া হৈছে । ইমানদিনে পৰীক্ষাৰ বাবে ডিঙিৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল যদিও এতিয়াৰে পৰা ডিঙি আৰু নাক উভয়ৰে পৰা নমুনা সংগ্ৰহ কৰা হ'ব । মন কৰিবলগীয়া যে, অসমত পজিটিভ ধৰা পৰা সকলৰ ভিতৰত ৮২ শতাংশৰে কোনো লক্ষণ দেখা পোৱা নগৈছিল । ২০ শতাংশৰ জ্বৰ,১১ শতাংশৰ কফ আৰু ৭ শতাংশৰ ডিঙিৰ শিৰশিৰনিৰ লক্ষণ দেখা গৈছিল ।

আনহাতে, দেশৰ বিভিন্ন ৰাজ্যত এতিয়াও আবদ্ধ হৈ থকা অসমীয়া লোকৰ এক তথ্য দাঙি ধৰি তেওঁ কয় যে, বৰ্তমানেও কৰ্ণাটকত প্ৰায় ৬৬ হাজাৰ, কেৰালাত ৩৪ হাজাৰ,গুজৰাটত ৫৪ হাজাৰ,তামিলনাডুত ৩৩ হাজাৰ,মহাৰাষ্ট্ৰত ৫৬২০,গোৱাত ৪৬১৪ আৰু তেলেংগাণাত প্ৰায় ১৬ হাজাৰ অসমীয়া লোক আবদ্ধ হৈ আছে । এইসকল লোকৰ সাহাৰ্যৰ ব্যৱস্থা চৰকাৰে আৰম্ভ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে । ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিত বৰ্তমানলৈকে ৯৮ কোটি ৪১ লাখ টকা জমা হৈছে বুলিও সদৰী কৰে মন্ত্ৰী ডঃ শৰ্মাই । ইপিনে হোম কোৱাৰেন্টাইনত থকা প্ৰায় ৮৪ হাজাৰ লোকৰ ভিতৰত ৭২৮৭৪ গৰাকীৰে ১৪ দিনৰ সময়সীমা ইতিমধ্যে শেষ হৈছে বুলি তেওঁ প্ৰকাশ কৰে ।

লগতে পঢ়কঃআজি বিশ্ব ঐতিহ্য দিৱস

ABOUT THE AUTHOR

...view details