অসম

assam

ETV Bharat / city

অভিলেখঃ ৰত্নাকৰৰ মুঠ উপাৰ্জন 9 কোটি 20 লাখ টকা - অসমীয়া চিনেমাজগতৰ সৰ্ব্বোচ্চ উপাৰ্জন কৰা চিনেমা

অসমীয়া ছবি জগতত অভিলেখ  ৰচিলে "ৰত্নাকৰে" ।  11 অক্টোবৰত মুক্তি পোৱা ছবিখন বৰ্তমানো চলি আছে ছবিগৃহত ৷

ৰত্নাকৰৰ  মুঠ উপাৰ্জন 9কোটি 20 লাখ টকা

By

Published : Nov 15, 2019, 4:54 PM IST

গুৱাহাটী , 15 নৱেম্বৰ :অসমীয়া ছবি জগতৰ চুপাৰহিট ছবি "ৰত্নাকৰ"। 11 অক্টোবৰত মুক্তি পোৱা ছবিখনে অসমীয়া ছবি জগতত উপাৰ্জনৰ ক্ষেত্ৰত সৃষ্টি কৰিলে অভিলেখ । মুক্তিৰ প্ৰথম মাহতে "ৰত্নাকৰে" উপাৰ্জন কৰে 9 কোটি 20 লাখ টকা । অসমত 'বাহুবলী দ্য কনক্লুজন' আৰু অসমীয়া ছবি কাঞ্চনজংঘাৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হোৱা "ৰত্নাকৰ" বৰ্তমানো সগৌৰৱে চলি আছে ছবিগৃহত ।

অসমীয়া ছবিৰ বাবে এয়া সু খবৰ যে পঞ্চম সপ্তাহত 40 টা ছবিগৃহত 60 টা দৰ্শনী আৰু ষষ্ঠ সপ্তাহত 20 টা ছবিগৃহত 30 টা দৰ্শনী ৰত্নাকৰে লাভ কৰিছে বুলি জানিবলৈ দিয়ে প্ৰযোজক নবনীতা শৰ্মাই । ৰত্নাকৰে অসমীয়া ছবি জগতত অভিলেখৰ সৃষ্টি কৰি অসমীয়া ছবিজগতৰ গতি অন্যফালে লৈ যোৱা বুলিও তেওঁ মন্তব্য কৰে । লগতে আগন্তুক দিনত অসমত বহু ভাল চিনেমা প্ৰযোজনা হ'ব বুলিও আশাবাদী প্ৰযোজক গৰাকী ।

অসমীয়া ছবি জগতৰ সৰ্ব্বোচ্চ উপাৰ্জনকাৰী ছবি

লগতে চাওক-কামাখ্যা জংচনত উৰিল ১০ লাখ টকীয়া ৰাষ্ট্ৰীয় পতাকা

ABOUT THE AUTHOR

...view details