গুৱাহাটী,১৯ মাৰ্চ: অসমত এতিয়া দেশৰ হাইপ্ৰফাইল নেতাৰ সমাগম । ইজনৰ পাছত সিজনকৈ নেতাৰ আগমন ঘটিছে । কাৰণ এটাই নিৰ্বাচনী যুঁজ । সকলোৱে প্ৰতিপক্ষক বাক্যবানেৰে ধৰাশায়ী কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে নিৰ্বাচনী যুঁজত নামিছে। ইতিমধ্যে আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । শেহতীয়াকৈ প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী-মহাৰথীৰ ভাষণত তাৰেই আভাস পোৱা গৈছে । বোকা ছটিওৱাৰ ৰাজনীতিৰ সমান্তৰালকৈ প্ৰতিশ্ৰুতি বন্য বোৱাইছে প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰতিগৰাকী প্ৰাৰ্থীয়ে।
অসমত দেশৰ হাইপ্ৰফাইল নেতাৰ সমাগম ইফালে, হাইপ্ৰফাইল নেতাৰ আগমনক কেন্দ্ৰ কৰি অসমৰ আকাশত হেলিকপ্টাৰ আৰু বিশেষ বিমানৰ মেলা লাগিছে । নেতাক লৈ উৰিছে ইখনৰ পাছত সিখনকৈ হেলিকপ্টাৰ আৰু বিশেষ বিমান । প্ৰধানমন্ত্রীকে ধৰি শাসকীয় দল বিজেপিৰ ৰথী-মহাৰথী সকলে বিশেষ বিমানেৰে অসমলৈ আহি প্ৰচাৰ অভিযানত অৱতীৰ্ণ হৈছে । বৃহস্পতিবাৰে কৰিমগঞ্জত নিৰ্বাচনী ৰণডংকা বজোৱা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০ মাৰ্চৰ পৰা ৩ এপ্ৰিলৰ ভিতৰত 6খনকৈ জনসমাৱেশ সম্বোধন কৰিব । ২০ মাৰ্চত প্ৰধানমন্ত্রী মোদীয়ে চাবুৱাত এখন বিশাল গণ সমাবেশত মিত্রজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ প্ৰচাৰ চলাব। আনহাতে মোদীয়ে ২১ মাৰ্চত বোকাখাটত প্ৰচাৰ চলাব । নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সমান্তৰাকৈ শাসক-বিৰোধী উভয় শিবিৰ সমানে ব্যস্ত দিছপুৰ দখলৰ সমীকৰণত। বিশেষকৈ শাসকীয় মিত্রজোঁটৰ নেতৃত্ব বহনকাৰী বিজেপিয়ে মিছন ১০০ প্লাছ কৰাৰ লক্ষৰে 'মৰণপণ' যুঁজত অৱতীৰ্ণ হৈছে । ইতিমধ্যে বিজেপিৰ কেইবাগৰাকী শীৰ্ষ নেতাই অসমত বাহৰ পাতি চলাই গৈছে নিৰ্বাচনী যুঁজ ।
অসমত দেশৰ হাইপ্ৰফাইল নেতাৰ সমাগম লক্ষণীয় বিষয় যে, নিৰ্বাচনী সময়সূচী ঘোষণাৰ পূৰ্বৰে পৰা অসমত একাধিকবাৰ উপস্থিত হৈ প্ৰধানমন্ত্রী মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আদিয়ে ৰণডংকা বজাইছিল । ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্ৰীয় বস্ত্রশিল্প মন্ত্রী স্মৃতি ইৰাণী, অসমৰ দায়িত্বত থকা বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডা, কেন্দ্ৰীয় ড'নাৰ মন্ত্রী জিতেন্দ্ৰ সিং, কেন্দ্ৰীয় মন্ত্রী নৰেন্দ্ৰ সিং টোমৰ, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ, দিল্লীৰ সাংসদ মনোজ তিৱাৰী, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্রী দেবেন্দ্ৰ ফাড়নাভিছকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰচাৰ অভিযান চলাই আহিছে । বিজেপিৰ বহু শীৰ্ষ নেতাই অসমৰ ইমুৰৰ পৰা সিমুৰলৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে । আনহাতে বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাসকলেও বিৰামহীন নিৰ্বাচনী প্ৰচাৰত ব্ৰতী হৈ আছে ।
অসমত দেশৰ হাইপ্ৰফাইল নেতাৰ সমাগম হেলিকপ্টাৰ যোগে মন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী সভাত অংশ লৈছে । মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে বিশেষ বিমান আৰু হেলিকপ্টাৰ লৈ উজনি আৰু উত্তৰ অসমৰ বিভিন্ন সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই আছে । শুকুৰবাৰে দুপৰীয়া মুখ্যমন্ত্রী সোণোৱালে খানাপাৰাৰ পৰা হেলিকপ্টাৰ যোগে শোণিতপুৰৰ ঢেকিয়াজুলিলৈ উৰা মাৰে । আজি মুখ্যমন্ত্রীয়ে নিৰ্বাচনী প্ৰচাৰৰ কেইবাটাও কাৰ্যসূচীত ভাগ লয় । বিয়লি ভাগত মুখ্যমন্ত্রীয়ে তেজপুৰৰ বিমান বন্দৰৰ পৰা বিশেষ বিমান যোগে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰি পথেৰে চাবুৱালৈ গৈ স্থানীয় এখন সভাত ভাগ লয় ।
আজি জালুকবাৰী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৷ বিগত কেইবাদিন ধৰি বিৰামহীনভাৱে এখনৰ পাছত আনখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি আহিছে । শনিবাৰে মন্ত্রী শৰ্মাই পুৱা ৮ বজাত খানপাৰাৰ পৰা হেলিকপ্টাৰ যোগে শোনিতপুৰৰ ৰঙাপাৰালৈ উৰা মাৰিব । তেওঁ ৰঙাপাৰা, গহপুৰ, বিহপুৰীয়া আৰু ধেমাজীত ৰাজহুৱা সভা সম্বোধন কৰাৰ পাছত ডিব্ৰুগড়ত পদযাত্রা কাৰ্যসূচীত ভাগ ল'ব। হেলিকপ্টাৰ যোগেই তেওঁ ইখনৰ পাছত সিখন সভালৈ যাব ।
অসমত দেশৰ হাইপ্ৰফাইল নেতাৰ সমাগম ইফালে আজি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী তথা বৰ্ত্তমানৰ সাংসদ জুৱেল ওৰামে থাওৰা আৰু মৰাণ সমষ্টিত দুখনকৈ ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে । ২১ মাৰ্চত দিল্লীৰ পৰা বিমান যোগে ডিব্ৰুগড়লৈ আহিব কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী অৰ্জুন মুণ্ডা । তেওঁ টিংখাং আৰু সোণাৰ সমষ্টিত দুখনকৈ নিৰ্বাচনী সমাবেশ সম্বোধন কৰিব । সেইদৰে কেন্দ্ৰীয় পৰিবহন মন্ত্রী নীতিন গাডকাৰীয়ে ২৫ মাৰ্চত ধৰ্মপুৰ আৰু গোলকগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাব । মুঠতে বিজেপিৰ প্ৰায় সকলো ৰথী-মহাৰথী অসম বিধানসভাৰ নিৰ্বাচনী যুঁজত নামি পৰিছে।
পলমকে হ'লেও নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে কংগ্ৰেছৰ ৰথী-মহাৰথী । শুকুৰবাৰে অসমত উপস্থিত হয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী । ডিব্ৰুগড়ৰ চাবুৱা আৰু তিনিচুকীয়া আৰু ডুমডুমাত আজি উপস্থিত হয় ৰাহুল গান্ধী ৷ শনিবাৰে ডিগবৈ, যোৰহাট আৰু গহপুৰত তিনিটাকৈ কাৰ্যসূচীত ভাগ ল'ব । দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাহুল গান্ধীয়ে শুকুৰবাৰে দুপৰীয়াৰ সাঁজ খালে অতি সাধাৰণভাৱে । চাবুৱা চাহ বাগানত একাংশ শ্ৰমিকৰ সৈতে বহি আহাৰ গ্ৰহণ কৰিলে ৰাহুল গান্ধীয়ে । বিশেষ বিমান যোগে অসমলৈ অহা ৰাহুল গান্ধীয়ে শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিব । অসমত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং, ছত্তিছগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলকে আদি কৰি কেইবাগৰাকী নেতাই প্ৰচাৰ অভিযান চলাই আহিছে । অৱশ্যে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি প্ৰায় কুৰি গৰাকী শীৰ্ষ নেতা আছে । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সংসদ আব্দুল খালেক, বিধায়ক ৰকিবুল হুছেইন আদি কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাসকল নিৰ্বাচনী প্ৰচাৰত ব্ৰতী হৈ আছে । প্ৰতিটো দলেই নিজৰ নিজৰ ষ্টাৰ কেম্পেইনাৰ লৈ নিৰ্বাচনী যুঁজত নামিছে । ৰথী-মহাৰথীসকলে ভাষণৰ যোগেদি ভোটাৰৰ দৃষ্টি আকৰ্ষন কৰাৰ প্ৰয়াস কৰিছে । কংগ্ৰেছৰ নেতা সকলে বিজেপি চৰকাৰক ঠগ-প্ৰৱঞ্চক আখ্যা দি সমালোচনা কৰি নিজৰ পাঁচটা গেৰাণ্টি লৈ ভোটাৰ ৰাইজৰ কাষ চাপিব বিচাৰিছে ।
আনহাতে বিজেপিৰ ৰথী-মহাৰথী সকলে কংগ্ৰেছে এআইইউডিএফ দলৰে কৰা মিত্রতাক সাম্প্ৰদায়িকতাৰ ৰূপ দি কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে । প্ৰধানমন্ত্রী মোডীকে ধৰি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সকলে অসমত বিজেপি চৰকাৰে বিকাশৰ পথ প্ৰশস্ত কৰাৰ কথা কৈ আগন্তুক পাঁচ বছৰত অধিক ক্ষীপ্ৰতাৰে উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি দিছে । সকলোৱেই নিৰ্বাচন কেন্দ্ৰীক প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে । অসম তথা অসমীয়াৰ আবেগৰ সৈতে পুনৰ খেলা কৰাৰ ৰাজনীতি ইতিমধ্যেই আৰম্ভ হৈছে ।
অন্য এক খবৰৰ বাবে: এতিয়াও কা' সন্দৰ্ভত স্থিতি স্পষ্ট নহয় ৰাজনৈতিক নেতা কৰ্মীৰ