গুৱাহাটী, ২১ মে': ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰ আৰু শনিবাৰে প্ৰৱল বৃষ্টিপাত, ধুমুহা আৰু শিলাবৃষ্টিৰ আগজাননী দিছে । ইতিমধ্যে এই আগজাননী লাভ কৰাৰ পিছত সতৰ্ক হৈ পৰিছে ৰাজ্য চৰকাৰ ।
প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননীঃ সকলো উপায়ুক্তক সাজু থাকিবলৈ দিছপুৰৰ নিৰ্দেশ - India Meteorological Department
বতৰ বিজ্ঞান বিভাগৰ পৰা প্ৰৱল বৃষ্টিপাত, ধুমুহা আৰু শিলাবৃষ্টিৰ আগজাননী লাভ কৰাৰ পিছতে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জি ডি ত্ৰিপাঠীয়ে সকলো জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে এক জৰুৰী নিৰ্দেশ ।
প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী
ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জি ডি ত্ৰিপাঠীয়ে সেইমৰ্মে সকলো জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে এক জৰুৰী নিৰ্দেশ । সম্ভাব্য এনে প্ৰতিকূল পৰিস্থিতিৰ সৈতে মুখামুখি হ'ব পৰাকৈ ২২ মে'ৰ মাজনিশালৈকে সাজু হৈ থাকিবলৈ সকলো উপায়ুক্তক দিছপুৰৰ পৰা নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্ত