গুৱাহাটী, ১৪ জুন: বুধবাৰৰ পৰা অহা তিনিদিনলৈ গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই (Heavy rain forecast in Guwahati for another three days) । বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী অনুসৰি মঙলবাৰৰ পুৱাৰ পৰা বুধবাৰলৈ ৭-১১ ছেন্টিমিটাৰ, বুধবাৰৰ পুৱাৰ পৰা বৃহস্পতিবাৰলৈ ৭-২০ ছেন্টিমিটাৰ আৰু বৃহস্পতিবাৰৰ পুৱাৰ পৰা শুক্ৰবাৰলৈ ৭-১১ ছেন্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
এই সময়ছোৱাত গুৱাহাটী আৰু উপকন্ঠ অঞ্চলৰ ঠায়ে ঠায়ে কৃত্ৰিম বান হোৱাৰ আশংকা কৰা হৈছে । পথ আৰু উপপথবোৰ জলমগ্ন হৈ থকাৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিব । কৃত্ৰিম বানৰ বাবে মহানগৰীৰ কিছুমান এলেকাত পানী যোগান, বিদ্যুৎ সংযোগৰ লগতে পৌৰ নিগমে আগবঢ়োৱা বিভিন্ন সেৱা ব্যাহত হব । পাহাৰীয়া এলেকাবোৰত ভূমিস্খলনৰ আশংকাও কৰা হৈছে ।