অসম

assam

By

Published : Sep 16, 2022, 4:54 PM IST

ETV Bharat / city

প্ৰসংগ জয়মালা: তামিলনাডু চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

অসমৰ দলটোক তামিলনাডু চৰকাৰক সহযোগ কৰাৰ বাবেও উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে । তামিলনাডুৰ মন্দিৰত থকা অসমৰ হাতীসমূহ পৰ্যবেক্ষণৰ বাবে অসমৰ দলটোক সুৰক্ষা আৰু সহযোগ কৰিবলৈও নিৰ্দেশ । অসমৰ বিষয়াক সম্পূৰ্ণ নিৰাপত্তাৰ মাজত জয়মলাক চোৱাৰ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে । অহা 3 দিনৰ ভিতৰত তামিলনাডু চৰকাৰে দিব লাগিব অনুমতি ।

Etv Bharat
Etv Bharat

গুৱাহাটী, 16 ছেপ্টেম্বৰ: "জয়মালা'ক অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত তামিলনাডু চৰকাৰে অসম চৰকাৰক কোনো ধৰণৰ সহযোগিতা আগনবঢ়োৱাৰ পিছত এইবাৰ এই বিষয়ত হস্তক্ষেপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court on Joymala) ৷ জয়মালাকে ধৰি তামিলনাডুৰ মন্দিৰত থকা অসমৰ হাতীসমূহ পৰ্যবেক্ষণৰ বাবে অসমৰ দলটোক সুৰক্ষা আৰু সহযোগ কৰিবলৈ আজি নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

প্ৰসংগ জয়মালা: তামিলনাডু চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী

অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই (Debajit Saikia) আজি এক সংবাদমেলত কয় যে জয়মালাক ঘূৰাই বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰে এক আৱেদন জনাইছিল (Writ Petition by Assam Government) ৷ তিনিচুকীয়াৰ গিৰিন মৰাণে ২০১১ চনত ৩ বছৰৰ বাবে হাতীটো পঠিয়াইছিল । অসম চৰকাৰৰ হাতত কোনো তথ্য নাছিল ।

পৰৱৰ্তী সময়ত দিল্লীৰ এটা NGO ৰ জৰিয়তেহে হাতীটোৰ ওপৰত অত্যাচাৰ চলাৰ খবৰ পাইছিল অসম চৰকাৰে । ২০২১ চনতে অসম চৰকাৰে তামিলনাডু চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল হাতীৰ স্বাস্থ্যৰ বুজ লোৱা আৰু ওভতাই অনা সন্দৰ্ভত ।

২০২১ ৰ ডিচেম্বৰ মাহত তামিলনাডু চৰকাৰে NOC দিছিল হাতী ঘূৰাই আনিব পাৰিব বুলি । ২০২২ ৰ ২৬ এপ্ৰিলত তামিলনাডু চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে যেতিয়ালৈকে অসমৰ প্ৰতিনিধি দল উপস্থিত নহয় তেতিয়ালৈকে হাতীকেইটা নিজৰ জিম্মাত ৰাখিব বুলি । তাৰ বিনিময়ত অসম চৰকাৰৰ পৰা ধন বিচাৰিছিল তামিলনাডু চৰকাৰে । কিন্তু আজিলৈ একাউণ্ট নম্বৰ নিদিয়াৰ অভিযোগ দেৱজিত শইকীয়াৰ ।

তামিলনাডু চৰকাৰে বেংকৰ একাউণ্ট নম্বৰ নিদিয়াৰ বাবে টকা পঠিয়াব নোৱাৰিলে অসম চৰকাৰে (Tamil Nadu Govrnment) । মহাধিবক্তা গৰাকীয়ে আৰু কয় যে ১ ছেপ্টেম্বৰত চাৰিজনীয়া দল গঠন কৰি চেন্নাইলৈ পঠিওৱা হৈছে । কিন্তু তামিলনাডু চৰকাৰে কোনোধৰণৰ সহযোগ নকৰিলে (Advocate General of Assam) ৷

তেওঁলোকৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিও কোনো সঁহাৰি নোপোৱাত অসম চৰকাৰে উচ্চ ন্যায়ালয়ত লেখ আৱেদন দাখিল কৰে ৷ আজি সেই আৱেদনৰ শুনানী সম্পন্ন হয় ।পুনৰ শুনানীৰ তাৰিখ ২৮ ছেপ্টেম্বৰ । এইখন আৱেদন কেৱল জয়মালাৰ বাবে ।

পৰৱৰ্তী সময়ত আন ৮ টা হাতীৰ বাবেও আৱেদন দাখিল কৰিব অসম চৰকাৰে । আনহাতে, উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ বন বিভাগৰ লগতে তামিলনাডুৰ ডিজিপি, মুখ্য সচিব আৰু বন বিভাগলৈও জাননী জাৰি কৰে । মহাধিবক্তা গৰাকীয়ে আৰু কয় যে তামিলনাডুত বাহৰ পতা অসমৰ দলটোক সুৰক্ষা আৰু প্ৰয়োজনীয় সকলো তথ্য পাতি দাখিলৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে ।

অসমৰ দলটোক তামিলনাডু চৰকাৰক সহযোগ কৰাৰ বাবেও উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে । তামিলনাডুৰ মন্দিৰত থকা অসমৰ হাতীসমূহ পৰ্যবেক্ষণৰ বাবে অসমৰ দলটোক সুৰক্ষা আৰু সহযোগ কৰিবলৈও নিৰ্দেশ । অসমৰ বিষয়াক সম্পূৰ্ণ নিৰাপত্তাৰ মাজত জয়মলাক চোৱাৰ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে ।

অহা 3 দিনৰ ভিতৰত তামিলনাডু চৰকাৰে দিব লাগিব অনুমতি । উত্তৰৰ বাবে ২৮ তাৰিখৰ সময় সীমা নিৰ্ধাৰণ । হাতীকেইটা দেখুৱাবলৈও নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) । লগতে নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ ।

লগতে পঢ়ক: জয়মালা সন্দৰ্ভত কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ টুইট

ABOUT THE AUTHOR

...view details