গুৱাহাটী, ৩ মাৰ্চ : অসমত একেৰাহে ডেৰটাকৈ দশক শাসন চলোৱা শতিকা প্ৰাচীন ৰাজনৈতিক দল কংগ্ৰেছৰ জনপ্ৰিয়তা বা গ্ৰহণযোগ্যতা অসমৰ নগৰাঞ্চলত হ্ৰাস পাইছে নেকি (Popularity of Congress in urban areas) ? ৰাজ্যত সম্প্ৰতি চলি থকা পৌৰ নিৰ্বাচনৰ ধামখুমিয়াৰ মাজত যেন পুনৰ এবাৰ প্ৰাসংগিক হৈ উঠিছে এই প্ৰশ্ন । কিয়নো পূৰ্বৰ তথ্য চালে দেখা যায় যে, কংগ্ৰেছে যিসময়ত একেৰাহে ৰাজ্যত পোন্ধৰ বছৰীয়া শাসন অব্যাহত ৰাখিছিল ঠিক সেই সময়ৰ পৰাই যেন নগৰ বা চহৰ অঞ্চলত কংগ্ৰেছৰ গ্ৰহণযোগ্যতা ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰাৰ বিপৰীতে জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা দুয়োটাই লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিল বিজেপিৰহে ।
উদাহৰণ স্বৰূপে, 2009 চনত দিছপুৰত শাসনত আছিল কংগ্ৰেছ চৰকাৰ । সেই সময়ত ৰাজ্যত কংগ্ৰেছৰ জয় জয়কাৰ অৱস্থা । কিন্তু সেই বছৰতে অনুষ্ঠিত হোৱা নগৰ সমিতি আৰু পৌৰসভাৰ নিৰ্বাচনত তেনেই চালুকীয়া বিজেপিয়ে মুঠ ৱাৰ্ডৰ 9.48 শতাংশ লাভ কৰিবলৈ সক্ষম হৈছিল । কংগ্ৰেছে সেইবাৰ লাভ কৰিছিল 61.06 শতাংশ ৱাৰ্ড । সেই নিৰ্বাচনত মুঠ ৱাৰ্ডৰ সংখ্যা আছিল 696 টা । সেয়াই যেন আছিল আৰম্ভণি ।
ইয়াৰ পিছত 2014 ত যেতিয়া অসমত পৌৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া দেখা গৈছিল যে কংগ্ৰেছে লাভ কৰিছে 33.64 শতাংশ ৱাৰ্ড । সেইবাৰ মুঠ ৱাৰ্ডৰ সংখ্যা আছিল 743 টা । কংগ্ৰেছৰ ফলাফল 2009 ৰ তুলনাত ভালেখিনি নিম্নগামী হৈছিল 2914 ৰ পৌৰ নিৰ্বাচনত । ইয়াৰ বিপৰীতে যি বিজেপিয়ে 2009 ৰ পৌৰ নিৰ্বাচনত মাত্ৰ 9.48 শতাংশ ৱাৰ্ডহে লাভ কৰিছিল, সেই বিজেপিয়ে 2014 ৰ পৌৰ নিৰ্বাচনত একেকোবে 48.45 শতাংশ ৱাৰ্ড লাভ কৰি চহৰ-নগৰাঞ্চলত দলটোৰ গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ প্ৰমাণ দিছিল । অথচ সেই সময়তো অসমত কংগ্ৰেছৰেই চলিছিল । এইবাৰো দেখা গ’ল কংগ্ৰেছে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া 80 খন পৌৰসভাৰ 977 টা ৱাৰ্ডৰ প্ৰায় 100 টা ৱাৰ্ডত নিজা প্ৰাৰ্থী দিবলৈও সক্ষম নহ'ল ।
লগতে পঢ়ক :দুৰ্নীতি কৰিবলৈ মন্ত্ৰী-বিধায়ক কেতিয়াও নাছিল ভুৱন গাম: মুখ্যমন্ত্ৰী
শতাব্দী প্ৰাচীন এই দলটোৱে এইদৰে চহৰ নগৰাঞ্চলত জনপ্ৰিয়তা হেৰুওৱাৰ কাৰণ কি ? ৰাজ্যৰ ৰাজনীতিৰ বাবে আজিৰ তাৰিখত অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হোৱা এই প্ৰশ্নৰ উত্তৰ দিব খোজে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাসে এনেদৰে - " কংগ্ৰেছৰ যেতিয়া অসমত চৰকাৰ চলি আছিল সেই সময়ত সকলো কংগ্ৰেছী মন্ত্ৰীৰ মাজত এক অহংকাৰে গা কৰি উঠিছিল যাৰ বাবে দলটোৰ একপ্ৰকাৰ পতন হ'ল ।" সাংসদ গৰাকীয়ে ই টিভি ভাৰতক আৰু কয় - " কংগ্ৰেছৰ এনে অহংকাৰৰ বিপৰীতে কিন্তু সেই সময়ত বিজেপিয়ে খুব সুক্ষ্মভাবে কামকাজবোৰ কৰি গৈছিল আৰু বিশেষকৈ নগৰ অঞ্চলত বসবাস কৰা বৌদ্ধিক সমাজখনৰ কাষ চাপিবলৈ যত্ন কৰিছিল । সেই সময়ত কংগ্ৰেছৰ এচাম দালাল শ্ৰেণীৰ মানুহে অসমৰ পৌৰসভা বা নগৰ সমিতি সমূহক একপ্ৰকাৰ আৱৰি ৰাখিছিল ।