গুৱাহাটী, ৩ জুন:বিগত দুটা বছৰ ক'ভিড পৰিস্থিতিৰ বাবে ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ হজযাত্ৰা স্থগিত ৰখা হৈছিল যদিও বৰ্তমান ক'ভিড পৰিস্থিতি কিছু সুস্থিৰ হোৱাত ছৌডি আৰব চৰকাৰ আৰু ভাৰত চৰকাৰৰ সহযোগিতাত হজলৈ যাবৰ বাবে পূৰ্বতে আবেদন কৰা উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলক গুৱাহাটীৰ পৰা পঠিওৱাৰ বাবে অসম চৰকাৰৰ সহযোগত যুটীয়া ৰাজ্যিক হজ কমিটি অসম আৰু উত্তৰ পূৰ্বাঞ্চল হজযাত্ৰী অভ্যর্থনা সমিতিৰ ফালৰ পৰা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে ।
যুটীয়া ৰাজ্যিক হজ কমিটী তথা উত্তৰ-পূৱ হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি মহানগৰীৰ হাজি মুছাফিৰখানাত এখন সংবাদমেল সম্বোধন কৰি কয় যে সমগ্ৰ কাৰ্যসূচী সফলভাবে পৰিচালনা কৰাৰ বাবে ৰাজ্য প্ৰশাসন, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, স্বাস্থ্য বিভাগ, পৰিবহন নিগম, পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বিদ্যুৎ বিভাগ আদিকে ধৰি বহু বিভাগে সহযোগিতা আগবঢ়াই আছে ।