কামৰূপ, 1 ডিচেম্বৰঃব্ৰহ্মপুত্ৰ সংযোগী খানাজানৰ বিধ্বস্ত গাৰ্ডৱালৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে অনুষ্ঠিত আনুষ্ঠানটি আঁত ধৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ সমিতিৰ সদস্য সুভাষ শৰ্মাই ৷
খানাজানৰ গাৰ্ডৱালৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ - পঞ্চায়ত আৰু গ্ৰামোন্নয়ন
খানাজানৰ বিধ্বস্ত গাৰ্ডৱালৰ পুণৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । খানাজানৰ বিধ্বস্ত গাৰ্ডৱালৰ পুনৰ নিৰ্মাণ বাবে 2.5 কোটি ধাৰ্য্য কৰা হৈছে ৷

খানাজানৰ গাৰ্ডৱালৰ আধাৰশিলা স্থাপন
খানাজানৰ গাৰ্ডৱালৰ আধাৰশিলা স্থাপন
উল্লেখ্য যে,খানাজানৰ বিধ্বস্ত গাৰ্ডৱালৰ পুণৰ নিৰ্মাণ বাবে 2.5 কোটি ধাৰ্য কৰা হৈছে ৷ সভাত অভিযন্তা ভাস্কৰ শৰ্মা,সহকাৰী কাৰ্যবাহী অভিযন্তা মহিবুৰ ৰহমান, সহকাৰী অভিযন্তা নৰেন মালী,ধাৰাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কেশৱ কলিতা,ধাৰাপুৰ তালুকৰ প্ৰাক্তন সভাপতি ৰজত চন্দ্ৰ বৈশ্য,পৰেশ বৰুৱা,গিৰীন্দ্ৰ কাকতি,ৰুবুল বৈশ্য,প্ৰণৱ দাস আদি উপস্থিত থাকে।
লগতে পঢ়কঃজম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ