গুৱাহাটী,25 ডিচেম্বৰ: গুৱাহাটী মহানগৰীৰ এগৰাকী কণমানিৰ দুঃসাহসিক ক্ৰীড়া । কপালত জলন্ত চাকিলৈ যোগাসন । এই দুঃসাহসিক যোগাসনৰ জৰিয়তে মহানগৰীৰ মালিগাঁৱৰ কুঁহি ডেকাই লাভ কৰিছে অসম বুক অৱ ৰেকৰ্ডছৰ ৰাষ্ট্ৰীয় স্বীকৃতি । শুকুৰবাৰে কণমানি কুঁহি ডেকাক আনুষ্ঠানিকভাৱে স্বীকৃতি পত্ৰ প্ৰদান কৰা হয় ।
মহানগৰীৰ মালিগাঁওস্থিত দুৰ্লভ যোগ চেন্টাৰত অসম বুক অৱ ৰেকৰ্ডছৰ এটা প্ৰতিনিধিৰ দলে কুঁহি ডেকাক স্বীকৃতি পত্ৰ, জাপি, ফুলাম গামোচা আৰু ট্ৰফী প্ৰদান কৰে । কণমানি গৰাকীৰ এই দুঃসাহসিক যোগাসন দেখি অভিভূত হৈ পৰে অসম বুক অৱ ৰেকৰ্ডছৰ কৰ্তৃপক্ষ । ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পোন প্ৰথমবাৰৰ বাবে এগৰাকী চতুৰ্থ শ্ৰেণীৰ কণমানিয়ে এনেদৰে জলন্ত চাকিলৈ যোগাসন কৰিছে । যাৰ বাবে কণমানি কুঁহি ডেকাই লাভ কৰিছে অসম বুক অৱ ৰেকৰ্ডছৰ ৰাষ্ট্ৰীয় স্বীকৃতি ।