অসম

assam

ETV Bharat / city

সৰগম সংগীত বিদ্যালয়ৰ ১৮বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন - Nuruddin Ahmed

সৰগম সংগীত বিদ্যালয়ৰ ১৮বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন হয় । বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আলোচনা চক্ৰৰ লগতে বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয় ।

সৰগম সংগীত বিদ্যালয়ৰ ১৮বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

By

Published : Aug 19, 2019, 6:26 AM IST

গুৱাহাটী, 18 আগষ্টঃ দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সৰগম সংগীত বিদ্যালয়ৰ ১৮বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান । বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উপদেষ্টা পৰিষদৰ সদস্য তথা জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া, সংগীতশ্ৰী প্ৰভাত শৰ্মা, বিশিষ্ট লেখক তথা গায়ক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, বিশিষ্ট কলাকাৰ নুৰুদ্দিন আহমেদ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতুল বৰা, বিশিষ্ট সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰ, বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা, ৰমেন চৌধুৰীকে প্ৰমুখ্য কৰি অসমৰ সাংস্কৃতিক জগতৰ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত সংগীতশ্ৰী প্ৰভাত শৰ্মাৰ জীৱনৰ আধাৰত ৰচিত সংগীতালেখ্য আৰু পদ্মশ্ৰী বায়নাচাৰ্য ঘনকান্ত বৰাৰ জীৱন আধাৰত নৃত্যালেখ্যও পৰিৱেশন কৰা হয়। অসমৰ থলুৱা সংগীতক অক্ষত ৰখা ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱাৰ কথা প্ৰকাশ কৰে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ।

সৰগম সংগীত বিদ্যালয়ৰ ১৮বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

ABOUT THE AUTHOR

...view details