অসম

assam

ETV Bharat / city

গায়ন-বায়নেৰে সম্পন্ন সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ - সহস্ৰাধিক গুণমুগ্ধ

দিছপুৰস্থিত চৰকাৰী বাসগৃহত আজি সম্পন্ন হয় সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ ৷ এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ অতিথি সকলক আপ্যায়ণ কৰা হয় দিছপুৰ সচিবালয়ৰ পাৰ্কিং ক্ষেত্ৰত ৷

guwahati-tarun gogoi
গায়ন-বায়নেৰে সম্পন্ন সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

By

Published : Dec 3, 2020, 7:48 PM IST

গুৱাহাটী,৩ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক গুণমুগ্ধই বৃহস্পতিবাৰে আদ্যশ্ৰাদ্ধৰ দিনটোত অশ্ৰুশিক্ত নয়নেৰে পুণৰবাৰ সোঁৱৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক । বৃহস্পতিবাৰে সম্পূৰ্ণ মাংগলিক নীতি-নিয়ম অনুসৰি সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আদ্যশ্ৰাদ্ধ পালন কৰা হয় তেওঁৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহত । আদ্যশ্ৰাদ্ধত ভাগ ল'বলৈ আজি পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দিছপুৰত আহি উপস্থিত হয় সহস্ৰাধিক গুণমুগ্ধ । সকলো অভ্যাগত, অতিথিৰ বাবে আপ্যায়নৰ ব্যৱস্থা কৰা হয় দিছপুৰ সচিবালয়ৰ পাৰ্কিং ক্ষেত্ৰত । পুৱাই অনুষ্ঠিত হয় নাম প্ৰসংগ আৰু গায়ন বায়ন ।

গায়ন-বায়নেৰে সম্পন্ন সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

এই অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল, সাংসদ আব্দুল খালেক, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ, ৰাণী নৰহ, এতোৱা মুণ্ডা আদিকে ধৰি বহু জ্যেষ্ঠ কংগ্ৰেছ নেতা আজি আদ্যশ্ৰাদ্ধত উপস্থিত হয় শ্ৰদ্ধাঞ্জলি জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ।

সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত বদৰুদ্দিন আজমলে কয় "অনাগত দিনত যে অসমে আকৌ তৰুণ গগৈৰ দৰে এজন নেতা লাভ কৰিব সেয়া আশা কৰিব নোৱাৰি । অসমৰ ৰাজনীতিত তেওঁ কমেও আৰু পোন্ধৰ বছৰ সক্ৰিয় হৈ থাকিব বুলি আশা কৰিছিলো ।"

আনহাতে, পিতৃৰ আদ্যশ্ৰাদ্ধত আজি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সাংসদ গৌৰৱ গগৈয়ে কয় যে, ক'ৰনা পৰিস্থিতিৰ বাবে হয়তো বহু পৰিয়ালে আত্মীয়-প্ৰিয়জনক হেৰুৱায়ো এইদৰে শ্ৰাদ্ধ আদি অনুষ্ঠিত কৰিব পৰা নাই । সেয়েহে আজিৰ এই মাংগলিক অনুষ্ঠানত তেওঁৰ পিতৃৰ আত্মাৰ লগতে সেই সকল লোকৰো আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা হয় বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে । গৌৰৱৰ লগতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পত্নী ডলী গগৈ, কন্যা চন্দ্ৰিমা গগৈ ফুকন আৰু বোৱাৰী এলিজাবেথ ক'লবাৰ্ন গগৈয়েও আজি আদ্যশ্ৰাদ্ধত ভাগ লবলৈ অহা সকলো অতিথিকে ধন্যবাদ জনায় ।

অন্য এক খবৰৰ বাবে: যোৰহাটত তৰুণ গগৈক সুঁৱৰি সৰ্বধৰ্মীয় সভাৰ আয়োজন

ABOUT THE AUTHOR

...view details