গুৱাহাটী,12ছেপ্টেম্বৰ: কাছাৰ আৰু জাগীৰোড কাগজ কল দুটা বৰ্তমান সম্পূৰ্ণ মৃতপ্ৰায় । চৰকাৰে উদ্যোগ দুটাক পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যত হৈ নুঠিল । চৰকাৰৰ এনে মিথ্যাচাৰত ক্ষুন্ন এতিয়া সংগঠনটো । শেহতীয়াকৈ চৰকাৰে লোৱা নানা আঁচনিসমূহক নিৰ্বাচনী টোপ আখ্যা উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ ।
কাগজ কলৰ দৰেই একেই অৱস্থা অসম সমবায় পলিয়েষ্টাৰ লিমিটেডৰ । ২০১৬ চনৰ পৰায়ে বন্ধ হৈ আছে অসমৰ অন্যতম এটা লাভজনক উদ্যোগ । চৰকাৰে এই উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ বাবে ১০১১.৭০ লাখ টকাৰ অনুমোদন জনাইছে যদিও আদায় দিছিল ৪২৬.১২ লাখ টকাহে । পৰ্যাপ্ত পুজি সময় মতে আদায় নিদিয়াৰ বাবে এতিয়া এই উদ্যোগটোয়ো হৈ পৰিছে মৃতপ্ৰায় ।