বঙাইগাঁও, 24 ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীৰ নাহৰণি পথত এজন যুৱকক 6/7 জনে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাটোৰ আজি 3 মাহ উকলিল (Mob lynching in Guwahati) ৷ তথাপিও আজি পৰ্যন্ত গ্ৰেপ্তাৰ নহ’ল ঘটনাটোৰ মূল অভিযুক্ত (Police still unable to arrest main accused) ৷ উল্লেখ্য যে, বিগত 8 জুনত মহানগৰীৰ নাহৰণি পথত এটা 6/7 জনীয়া দলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল অনুপম নাথ নামৰ যুৱকজনক ৷
যুৱকজনৰ প্ৰেমিকাক নেতৃত্বত সংঘটিত হৈছিল এই হত্যাকাণ্ড৷ হত্যাৰ পূৰ্বে পৰিয়ালৰ লোকলৈ ফোন কৰি ৰক্ষা কৰিবলৈ কৈছিল খোদ অনুপমে ৷ এই শোকাৱহ ঘটনাৰ পিছতেই অনুপমৰ মাকে হাতীগাঁও থানাত (Hatigaon Police Station) এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ০৭/২২ নম্বৰত এজাহাৰ ৰুজু কৰি সিদিনাই চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।