গুৱাহাটী,২৯ আগষ্ট :অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে নিশা কামৰূপ মহানগৰ আৰক্ষীৰ এটা দলে সোনাপুৰ অঞ্চলৰ পৰা ৭ কোটি টকাৰ অধিক মূল্যৰ ১.৩২৪ কিলোগ্ৰাম ওজনৰ হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে ৬ জন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ সূত্রই জনোৱা মতে চাবোনৰ ১০০টা বাকচত হেৰ’ইনখিনি অনা হৈছিল ।
আৰক্ষীয়ে আটক কৰা লোক কেইজন গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ বিশেষ স্কোৱাডৰ এটা দলে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত নিশা সোনাপুৰত অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে । এম এন- ০৭-ডি-৩২৫৭ নম্বৰৰ এখন ব'লেৰ বাহনৰ পৰা ড্ৰাগছখিনি জব্দ কৰে । অতি কৌশলৰে ড্ৰাগছখিনি বাহনখনৰ ডেচবোৰ্ডত লুকুৱাই অনা হৈছিল ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বাহনখনত থকা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে মণিপুৰৰ খাইমিনলাল থ'ঠেং (৩৪), চেইমিনথাং মেটে (৩৭), পাউমিনথং লাংগাল (৩০) আৰু কেইলালচ'ন খংচেই (৩৫)।
গুৱাহাটী মহানগৰীত পুনৰ বৃহৎ পৰিমানৰ হেৰ’ইন জব্দ আনহাতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী চাৰিজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী মহানগৰীৰ পৰা আন দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । সেই দুজন হৈছে মণিপুৰৰ লুলুন কুকি (৫১) আৰু নাগালেণ্ডৰ কাম খজিম (৫৬)। ঘটনা সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
উল্লেখ্য যে শেইতীয়াকৈ ড্ৰাগছ সৰবৰাহৰ ক্ষেত্রত ডাঙৰ বাহনৰ বিপৰীতে সৰবৰাহকাৰীয়ে সৰু বাহন ব্যৱহাৰ কৰাতো পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক :ভয়াৱহ বানৰ কৱলত ৰাজ্য; ২৪ ঘণ্টাত ২ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত