গুৱাহাটী, 23 নৱেম্বৰ :সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ যাত্ৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে মহানগৰ আৰক্ষীয়ে ৷ এই মন্তব্য মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ ৷ জিএমচিএইচ উপস্থিত হৈ তেওঁ সকলো যাৱতীয় প্ৰস্তুতিৰ বুজ লয় ৷ লগতে জানিবলৈ দিয়ে যে, তৰুণ গগৈক শেষ শ্ৰদ্ধা জনাবৰ বাবে অহা লোকৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
উল্লেখ্য যে, তৰুণ গগৈৰ মৃত্যুৰ বাবে তিনিদিনীয়া ৰাজ্যিক শোক পালন কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ ৷ জানিব পৰা মতে, ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ আজি নিশাটো জিএমচিএইচত ৰখা হ'ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ ৷ মঙলবাৰে পুৱা 9 বজাত তেওঁৰ নশ্বৰ দেহ দিছপুৰৰ চৰকাৰী বাসগৃহলৈ লৈ যোৱা হ'ব ৷ তাৰ পাছত জনতা ভৱন, অসম বিধানসভা আৰু বিয়লি 4 বজাত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনলৈ নিয়া হ'ব তেখেতৰ নশ্বৰ দেহ ৷ নিশা ৰাজীৱ ভৱনৰ পৰা কলাক্ষেত্ৰলৈ নি 25 নৱেম্বৰত কলাক্ষেত্ৰত ৰখাৰ পাছত 26 নৱেম্বৰত কলাক্ষেত্ৰৰ পৰা তেখেতৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব । উক্ত যাত্ৰাত বিভিন্ন মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰ আদিত প্ৰৱেশ কৰা হ'ব বুলিও জানিব পৰা গৈছে ৷