গুৱাহাটী, ৫ ডিচেম্বৰ : গুৱাহাটী মহানগৰ আৰক্ষীয়ে দেওবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰীক আটক কৰে ৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ আৰক্ষীৰ দলটোৱে এখন ট্ৰাকত ড্ৰাগছখিনি কঢ়িযাই অনাৰ সময়তে জব্দ কৰে ৷
মহানগৰ আৰক্ষীৰ অভিযানত জব্দ হেৰ’ইন আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ পৰা প্ৰায় 2 কেজি হেৰ’ইন জব্দ কৰে ৷ আনহাতে বৰ্তমানলৈ জানিব পৰা হোৱা নাই আটকাধীন সৰবৰাহকাৰী দুজনৰ পৰিচয় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযানৰ শলাগ লয় ৷
মহানগৰ আৰক্ষীৰ অভিযানত জব্দ হেৰ’ইন আনহাতে মহানগৰীৰ গড়চুক আৰক্ষীয়ে শনিবাৰে নিশা অভিযান চলায় বৃহৎ পৰিমাণৰ হেৰ’ইনসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ(Guwahati police arrested one Drug peddler) কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো সুমন দাস(৩০) বুলি জানিব পৰা হৈছে । ধৃত দাসৰ পৰা আৰক্ষীয়ে এটা চাবোন বাকচৰ ভিতৰত থকা ১২.৭৮ গ্ৰাম হেৰ’ইন(Heroin seized at Guwahati) জব্দ কৰে ।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে নিশা লালমাটিত অভিযান চলায় ড্ৰাগছসহ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ(Police arrested drug peddle) কৰে । আৰক্ষীয়ে গড়চুকৰ পৰা খেদি খেদি গৈ লালমাটিত ধৃত সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ(Drug peddler arrested) কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো পেছাত গেলামালৰ দোকানী ৷
লগতে পঢ়ক :Drugs Seized at Geetanagar : গীতানগৰত ড্ৰাগছসহ যুৱক কৰায়ত্ত