অসম

assam

ETV Bharat / city

আৰক্ষীৰ জালত কুখ্যাত গাড়ীচোৰ "মজনু"

স্পেচিয়েল টাক্স ফৰ্চৰ বৃহৎ সফলতা ৷ আৰক্ষীৰ জালত পৰিল চাৰিচকীয়াৰ পৰা দহ চকীয়ালৈকে সকলোধৰণৰ গাড়ী চুৰ কৰি ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত গাড়ীচোৰ "মজনু" ওৰফে মজনু আলী ৷

By

Published : Oct 15, 2019, 8:31 PM IST

Updated : Oct 16, 2019, 2:25 PM IST

আৰক্ষীৰ জালত কুখ্যাত গাড়ীচোৰ "মজনু"

গুৱাহাটী,15 অক্টোবৰ:অৱশেষত আৰক্ষীৰ জালত পৰিল চাৰিচকীয়াৰ পৰা দহ চকীয়ালৈকে সকলোধৰণৰ গাড়ী চুৰ কৰি ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত গাড়ীচোৰ "মজনু" ওৰফে মজনু আলী ৷ গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মঙলবাৰে অভিযান চলাই মহানগৰীৰ ছয় মাইলৰ পৰা স্পেচিয়েল টাক্স ফৰ্চৰ এটা দলে গ্ৰেপ্তাৰ কৰে কুখ্যাত গাড়ীচোৰ জনক ৷ বিগত কেইবাদিন ধৰি মজনুৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল স্পেচিয়েল টাক্স ফৰ্চে ৷ ইফালে ধৃত মজনু আলীৰ স্বীকাৰূক্তিৰ ভিত্তিত আৰক্ষীয়ে AS-01A-9499 নম্বৰৰ এখন স্কৰপিঅৰ লগতে NL-02Q-5466নম্বৰৰ এখন দহচকীয়া চুৰি ট্ৰাক উদ্ধাৰ কৰে ৷ টাক্স ফৰ্চৰ দলটোৱে চুৰি স্কৰপিঅ'খন বাক্সাৰ এটা গেৰেজৰ পৰা জব্দ কৰাৰ ওপৰিও চুৰি ট্ৰাকখন বঙাইগাঁৱৰ অভয়াপুৰীৰ পৰা জব্দ কৰে ৷ ধৃত গাড়ী চোৰ মজনু আলীৰ ঘৰ বৰপেটাৰ বালাপাৰাত ৷

স্পেচিয়েল টাক্স ফৰ্চে জব্দ কৰা স্কৰপিঅ গাড়ী
উল্লেখযোগ্য যে, গাড়ীচোৰ মজনু আলীয়ে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰা গাড়ীৰ ইঞ্জিন আৰু চেছিছ নম্বৰ টেম্পাৰীং কৰি অসমৰ বিভিন্ন জিলাৰ লগতে বহি:ৰাজ্যত চুৰি বাহন সমূহ পুনৰ পঞ্জীয়ন কৰি বিক্ৰী কৰি আহিছিল ৷ ইফালে মঙলবাৰে মজনু আলীক স্পেচিয়েল টাক্স ফৰ্চে জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে ৷ ন্যায়ালয়ে কুখ্যাত গাড়ীচোৰজনক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷
আৰক্ষীৰ জালত কুখ্যাত গাড়ীচোৰ "মজনু"
Last Updated : Oct 16, 2019, 2:25 PM IST

ABOUT THE AUTHOR

...view details