অসম

assam

ETV Bharat / city

বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?

মহানগৰীৰ বেলতলাৰ জামে মছজিদত ১৫ জনীয়া এটা দল প্ৰৱেশ কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ মছজিদত বিসংগতি ভাৱে নামাজ পঢ়ি থকাত মছজিদ কৰ্তৃপক্ষই কৰায়ত্ত কৰে 9 জনক ৷ নামাজ পঢ়িবলৈ অহা লোককেইজন অন্য ধৰ্মৰ বুলি জানিব পৰা গৈছে ৷

বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?
বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?

By

Published : Jan 25, 2021, 2:21 PM IST

গুৱাহাটী,25জানুৱাৰী: দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ বেলতলাৰ জামে মছজিদত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ বেলতলাৰ জামে মছজিদত ১৫ জনীয়া এটা দলে প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ দলটোৱে মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়ি থকাত সন্দেহ হয় একাংশ চুবুৰীয়াৰ ৷ নামাজৰ নিয়ম-নীতিৰ বিসংগতি দেখি সোধ-পোচ তথা পৰিচয় বিচৰাত পলায়নৰ চেষ্টা কৰে দলটোৱে ৷ স্থানীয় ৰাইজে সোধপোছ কৰাত অন্য ধর্মৰ বুলি জানি আৰক্ষীক খবৰ দিয়ে মছজিদ কমিটিয়ে ৷ কমিটিয়ে ৯ জনক কৰায়ত্ত কৰি বশিষ্ঠ আৰক্ষীক গতাই দিয়ে যদিও বাকীকেইজনে পলায়ন কৰে উক্ত স্থানৰ পৰা ৷ বৰ্তমানলৈকে দলটোৱে কি উদ্দেশ্যৰে মছজিদত প্ৰৱেশ কৰিছিল সেইয়া জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?

উল্লেখ্য যে,নিশা আটক কৰা যুৱককেইজনক ইতিমধ্যে জামিন প্ৰদান কৰিছে আৰক্ষীয়ে । এই খবৰ পোৱাৰ পাচতে বেলতলাৰ জামে মছজিদত পুনৰ সমবেত হৈছে স্থানীয় ৰাইজ । ৰাইজৰ অভিযোগ, ১৫ জনীয়া দলটোৱে কি উদ্দেশ্যে মছজিদত প্ৰৱেশ কৰিছিল এই সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত নকৰাকৈয়ে মুক্তি দিছে লোককেইজনক ৷

অন্য এক খবৰৰ বাবে: ভাৰত-চীনৰ নৱমলানি আলোচনাৰ মাজতেই সীমান্তত পুনৰ সংঘাত

ABOUT THE AUTHOR

...view details