অসম

assam

ETV Bharat / city

উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত আজিৰে পৰা আৰম্ভ জন্মাষ্টমী - কৃষ্ণ জন্মাষ্টমীৰ আয়োজন

উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত ১৮ আগষ্টৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কৃষ্ণ জন্মাষ্টমীৰ ৷ এইবাৰ জন্মাষ্টমীত প্ৰায় ৫০ হাজাৰ ভক্তৰ সমাগমৰ আশা কৰিছে ইস্কন কৰ্তৃপক্ষই ।

Guwahati ISKCON Temple to celebrate Krishna Janmashtami
উত্তৰ গুৱাহাটী হৰে কৃষ্ণ মন্দিৰত আজিৰে পৰা আৰম্ভ জন্মাষ্টমী

By

Published : Aug 18, 2022, 8:51 AM IST

গুৱাহাটী, ১৮ আগষ্ট:হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰত ১৮ আগষ্টৰ পৰা ২১ আগষ্টলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে কৃষ্ণ জন্মাষ্টমীৰ আয়োজন কৰা হৈছে । হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উপ-সভাপতি বিজয় পণ্ডিত দাসে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি সদৰী কৰে এই কথা(ISKCON organizes Sri Krishna Janmashtami Festival 2022) ।

হৰে কৃষ্ণ মুভমেন্ট গুৱাহাটীৰ উপ সভাপতি বিজয় পণ্ডিত দাস

গুৱাহাটীৰ উপ সভাপতি বিজয় পণ্ডিত দাসে কয় যে, ১৮ আগষ্টৰ পৰা ১৯ আগষ্টলৈ লাড্ডু গোপালৰ অভিষেক হ’ব । ইয়াৰ পাছত ২০ আগষ্টত নন্দোৎসৱ উদযাপন কৰা হ’ব । জন্মাষ্টমীৰ মুখ্য আকৰ্ষণ হৈছে লাড্ডু গোপালৰ ঝুলন সেৱা । ইয়াৰ লগতে ক্ৰমে নাম জাপ, ছাপন্ন ভোগ আদি অনুষ্ঠিত হ’ব(Janmashtami Celebration at ISKCON) ।

আনহাতে হৰে কৃষ্ণ মুভমেন্টৰ গুৱাহাটী শাখাই জন্মাষ্টমীৰ লগত সংগতি ৰাখি প্ৰথমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছে ৷ বিজয় পণ্ডিত দাসে সদৰী কৰা অনুসৰি এইবাৰ জন্মাষ্টমীত ৫০ হাজাৰতকৈ অধিক ভক্তৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰিছে । তেওঁ অসম তথা গুৱাহাটীৰ ভক্তপ্ৰাণ ৰাইজক জন্মাষ্টমীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:২৬ হাজাৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্রত কঠোৰ ৰাজ্য চৰকাৰ

ABOUT THE AUTHOR

...view details