অসম

assam

ETV Bharat / city

এন আৰ চিক লৈ সন্তুষ্ট নহয় গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ - গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ

খিলঞ্জীয়া ভূমিপুত্ৰসকল বিদেশী ন্যায়ধীকৰণৰ কাষ চাপিবলগীয়া হোৱাটো অপমানজনক : গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ

এন আৰ চিক লৈ সন্তুষ্ট নহয় গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ

By

Published : Sep 2, 2019, 10:42 PM IST

গুৱাহাটী, 2 ছেপ্তেম্বৰ: সদ্য প্ৰকাশিত এন আৰ চিক লৈ ৰাজ্যজুৰি অব্যাহত আছে বিভিন্ন দল সংগঠনৰ অসন্তুস্তি৷ শাসকীয় দল বিজেপিৰ পৰা আৰম্ভ কৰি বিৰোধী দললৈকে সকলোৱে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখনৰ পৰা বাদ পৰা ১৯,০৬৬৫৭ গৰাকী লোকৰ ভিতৰত পৰ্যাপ্ত নথিপত্ৰত অভাৱতে হওক বা কাৰিকৰী বিসংগতিৰ বাবেই হওক বহু প্ৰকৃত ভাৰতীয় নাম বাদ পৰাৰ অভিযোগ তালিকাখন প্ৰকাশৰ পিছৰে পৰা উত্থাপিত হৈ আহিছে। এইবাৰ তালিকাখনকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে।

এন আৰ চিক লৈ সন্তুষ্ট নহয় গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ

গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে এক সংবাদমেলত কয় যে, নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকৰ সংখ্যা অতি হতাশজনক কাৰণ এই তালিকাখনৰ পৰা খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰো নাম বাদ পৰিছে। এই তালিকাখনৰ পৰা খিলঞ্জীয়া লোকক বাদ দিলে অবৈধ বিদেশী সংখ্যা অতি নগণ্য হৈ পৰিব। তালিকাখনৰ পৰা খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ নাম বাদ পৰাত এতিয়া এই লোক সকল বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিবলগীয়া হোৱাটো অপমানজনক। অসমৰ অন্যান্য খিলঞ্জীয়াসহ ইছলাম ধৰ্মী খিলঞ্জীয়া গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ লোক সকল অসমৰ বিভিন্ন ঠাইত কম বেছি পৰিমানে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখনৰ পৰা বাদ পৰিছে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভূমিপুত্ৰৰ পৰা ধৰ্মান্তৰিত এই ইছলাম ধৰ্মী ভূমিপুত্ৰ সকলক প্ৰব্ৰজনকাৰী মুছলমান সকলৰ সৈতে একাকাৰ কৰি এনেদৰে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে।

তেও লগতে কয় যে, প্ৰয়োজন সাপেক্ষে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ বাবে পৰিষদে উচ্চতম ন্যায়ালয়লৰ দ্বাৰস্থ হব৷ গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে এন আৰ চিৰ বাবে আবেদন নকৰা প্ৰবজনকাৰী সকলক বিচাৰি উলিয়াবলৈ চৰকাৰক দাবী জনায় ৷

ABOUT THE AUTHOR

...view details