অসম

assam

ETV Bharat / city

যান-বাহন আৰক্ষীৰ বাবে জনসাধাৰণে লগালে ফেন !

গড়চুক যানবাহন আৰক্ষী থানা অন্তৰ্গত গড়চুক, বৰাগাঁও আৰু লখৰা এই তিনিটা ট্ৰেফিক পইণ্টত লগোৱা হ'ল ফেন । স্থানীয় ৰাইজে নিজৰ ধনেৰে ট্ৰেফিক পইণ্টত লগালে ফেন

By

Published : Jun 23, 2019, 9:42 PM IST

যান-বাহন আৰক্ষীৰ বাবে জনসাধৰণ

গুৱাহাটী,২৩জুন : সমাজৰ পৰা মানৱীয়তা শেষ হোৱাৰ সময়তে গুৱাহাটী মহানগৰীৰ একাংশ লোকৰ কামে সমাজলৈ প্ৰেৰণ কৰিলে অন্য এক বাৰ্তা ।

যান-বাহন আৰক্ষীৰ বাবে জনসাধৰণ


বৰ্তমান ৰাজ্যবাসীক দহি মাৰিছে প্ৰচণ্ড গৰমে । এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোৱে যদি আইচক্ৰীম খাইছে, আন কোনোৱে শীতল পানীয় খাই দেহ জুৰ পেলাইছে । কিন্তু প্ৰচণ্ড গৰমকো নেওচি নিজৰ কৰ্তব্য পালন কৰি গৈছে যানবাহন আৰক্ষীসকলে । কিন্তু এই যান বাহন আৰক্ষীৰ বাবে ওলাই আহিল গড়চুকৰ স্থানীয় ৰাইজ । অঞ্চলকেইটাৰ ৰাইজে নিজৰ উপাৰ্জিত ধনেৰে গড়চুক যানবাহন আৰক্ষী থানা অন্তৰ্গত গড়চুক, বৰাগাঁও আৰু লখৰা এই তিনিটা ট্ৰেফিক পইণ্টত লগাই দিলে ফেন । যাৰ ফলত এই প্ৰচণ্ড গৰমত বহু পৰিমাণে সকাহ পাইছে যানবাহন আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details