অসম

assam

ETV Bharat / city

জিগনেশ মেৱানীৰ জামিনৰ ৰায়দান সন্দৰ্ভত দিয়া পৰ্যবেক্ষণত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ - Jignesh Mewanis bail verdict

বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশে জিগনেশ মেৱানীৰ জামিনৰ ৰায়দান সন্দৰ্ভত দিয়া পৰ্যবেক্ষণত গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে স্থগিতাদেশ জাৰি কৰে ।

hc-stay-order-jignesh-mebani-case
জিগনেশ মেৱানীৰ জামিনৰ ৰায়দান সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

By

Published : May 2, 2022, 5:00 PM IST

Updated : May 2, 2022, 7:18 PM IST

গুৱাহাটী, 2 মে’: বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশে জিগনেশ মেৱানীৰ জামিনৰ ৰায়দান সন্দৰ্ভত দিয়া পৰ্যবেক্ষণত গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে স্থগিতাদেশ জাৰি কৰে (Guwahati High Court stays Jignesh Mewani's bail verdict)। উল্লেখ্য যে, বৰপেটাৰোড আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ 294/323/353/354 ধাৰাত ৰুজু হোৱা 81/2022 নং গোচৰ সংক্ৰান্তত বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ আদালতে বিগত 29 এপ্ৰিলত জামিন মঞ্জুৰ কৰিছিল (Jignesh Mevani updates) ।

লগতে বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ আদালতে গোচৰটো সম্পৰ্কত ৰায়দান কৰি আৰক্ষীৰ ভূমিকাক কটু সমালোচনা কৰাৰ লগতে আৰক্ষীয়ে জিগনেশ মেৱানীক মিছা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি হাৰশাস্তি কৰা বুলি পৰ্যবেক্ষণ কৰিছিল (Jignesh Mebani case) ।

জিগনেশ মেৱানীৰ জামিনৰ ৰায়দান সন্দৰ্ভত দিয়া পৰ্যবেক্ষণত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

এই সমগ্ৰ ৰায়দানৰ সম্পৰ্কত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । চৰকাৰী পক্ষৰ পৰা মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জিগনেশ মেৱানীৰ পক্ষৰ পৰা অধিবক্তা অংশুমান বৰা উপস্থিত থকা শুনানীত গুৱাহাটী উচ্চ ন্যায়ালয়ে জিগনেশ মেৱানীৰ জামিন সম্পৰ্কত কোনো হস্তক্ষেপ কৰা নাই বুলি অধিবক্তা অংশুমান বৰাই জনায় ।

তেওঁ কয় যে, বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ আদালতে গোচৰটো সম্পৰ্কত ৰায়দান কৰি আৰক্ষীৰ ভূমিকাক কটু সমালোচনা কৰাৰ লগতে আৰক্ষী জিগনেশ মেৱানীক মিছা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি হাৰশাস্তি কৰা বুলি পৰ্যবেক্ষণ সম্পৰ্কতহে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে ।

মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ যুক্তি শুনাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱশীষ বৰুৱাৰ আদালতে কয় যে, জিলা ন্যায়াধীশে চি আৰ পি চি ধাৰা ৪৩৯ ৰ অধীনত অধিকাৰ প্ৰয়োগ কৰি কেৱল জামিন প্ৰদান বা অগ্ৰাহ্য হে কৰিব পাৰে ৷ কিন্তু বৰপেটা জিলা ন্যায়াধীশে জিগনেশ মেৱানীৰ জামিন মঞ্জুৰৰ লগতে অসমৰ সমগ্ৰ আৰক্ষী বাহিনীৰ সন্দৰ্ভত কিছু পৰ্যৱেক্ষণ আৰু মন্তব্য কৰিছে ৷ যিয়ে কেৱল আৰক্ষী বাহিনীৰ মনোবল হ্ৰাস কৰিছে ৷

বৰপেটা জিলা ও সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে কয় যে, অসম আৰক্ষীয়ে অভিযুক্তক আটক কৰাৰ পাচত তেওঁলোকক নিশা অধিক তথ্যৰ বাবে ঘটনাস্থলীলৈ লৈ যায় ৷ কিন্তু তেতিয়াই অপৰাধীয়ে পলোৱাৰ চেষ্টা কৰে আৰু আৰক্ষীয়ে গুলী চলায় ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়টো অনুসন্ধান কৰি আৰক্ষীক সংস্কাৰৰ বাবে নিৰ্দেশ প্ৰদান কৰা উচিত বুলিও মন্তব্য কৰে ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে ৷

উল্লেখ্য যে, মেৱানীক বৰপেটা আৰক্ষীয়ে কোকৰাঝাৰৰপৰা 25 এপ্ৰিলত গ্ৰেপ্তাৰ কৰিছিল । এই গোচৰত মেৱানিয়ে জামিন পালেও অন্য এটা অভিযোগৰ ভিত্তিত তেওঁক বৰপেটা আৰক্ষীয়ে 25 এপ্ৰিলত গ্ৰেপ্তাৰ কৰে । এই অভিযোগ মতে, বিগত 21 এপ্ৰিলত গুৱাহাটীৰপৰা কোকৰাঝাৰ অভিমুখে আহি থকা সময়ত মেৱানীয়ে এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শকক বলপূৰ্বক কর্তব্যত বাধা প্ৰদান কৰাৰ লগতে শালীনতা ভংগৰ অপচেষ্টা চলাইছিল আৰু অশ্লীল গালি-গালাজ কৰিছিল ।

এই অভিযোগ সন্দৰ্ভত বিগত 21 এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীৰ অধীনৰ মহিলা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে জিগনেশ মেৱানীৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত গোচৰ তৰিছিল । গোচৰটো সংক্ৰান্তত জাৰি হোৱা হাজিৰ পৰোৱানাৰ ভিত্তিত জিগনেশ মেৱানিক 25 এপ্ৰিলত বৰপেটা আৰক্ষীয়ে কোকৰাঝাৰ আৰক্ষীৰ পৰা চমজি লৈছিল (Case Against Jignesh Mevani of Assault on Woman Constable) ।

লগতে পঢ়ক :ৰাজনৈতিক বৈৰী নহয় পুনৰ এবাৰ কটনৰ অগ্ৰজ-অনুজৰ ৰূপত অখিল-হিমন্ত

Last Updated : May 2, 2022, 7:18 PM IST

ABOUT THE AUTHOR

...view details