গুৱাহাটী, ২৯ জুলাই: ৰাজ্যত সংঘটিত এনকাউণ্টাৰ প্ৰসংগত আজি হোৱা শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে (Guwahati High Court order on encounters in Assam)। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি হোৱা শুনানিত যুক্তি প্ৰদৰ্শন কৰে দেশৰ প্ৰখ্যাত আইনজীৱী প্ৰশান্ত ভূষণে । ইয়াৰ পিছতে যোৱা এটা বছৰত ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ প্ৰসংগত (Police encounters in Assam) বিতং শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশনা প্ৰদান কৰে উচ্চ ন্যায়ালয়ে ।
উল্লেখ্য যে, ২১ মে’ত ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ প্ৰসংগত গৃহ বিভাগে এক শপতনামা প্ৰকাশ কৰিছিল (Affidavit on Encounter in Assam) । সেই শপতনামাত উল্লেখ কৰিছিল যে ২১ মে’ লৈকে ৰাজ্যত ভুৱা সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৫১ জন । আনহাতে আহত লোকৰ সংখ্যা আছিল ১৩৯ জন লোক । এই আহত লোকসকল আৰক্ষীৰ গুলীত আহত হৈছিল (Numbers of police encounter is Assam)।
শুকুৰবাৰে ন্যয়ালয়ত আইনজীৱী প্ৰশান্ত ভূষণে যুক্তি আগবঢ়ায় যে, অসমত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত হোৱা নাই কিয় ? আৰক্ষীৰ গুলীত আহত হোৱা লোকসকলৰ তদন্ত কেৱল তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সময়ত দাখিল কৰা এজাহাৰতে সমাপ্ত কৰা হৈছে । এই সন্দৰ্ভত কোনো সুকীয়া এফ আই আৰ দাখিল কৰা হোৱা নাই । আনহাতে এনকাউণ্টাৰত মৃত্যু হোৱা লোকসকলৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও তাৰ কোনো তদন্ত হোৱা নাই । সেয়ে সুকীয়া স্বতন্ত্ৰ তদন্ত বিচাৰি আৱেদন দাখিল কৰা হৈছিল ।