অসম

assam

ETV Bharat / city

জালুকবাৰী সমষ্টিত অস্থায়ী শিবিৰ স্থাপন বানাক্ৰান্তৰ - ডঃ হিমন্ত বিশ্ব শৰ্মা

পাণ্ডুৰ টেম্পলঘাট,5নং কলনী,6নং কলনী,পুৰণা বজাৰ আদি অঞ্চল বানৰ কৱলত । কৰ'ণাৰ লগতে বানৰ বাবে হাহাকাৰ পৰিস্থিতি জনতাৰ ।

জালুকবাৰী সমষ্টিত স্বয়ং অস্থায়ী শিবিৰ স্থাপন বানাক্ৰান্তৰ
জালুকবাৰী সমষ্টিত স্বয়ং অস্থায়ী শিবিৰ স্থাপন বানাক্ৰান্তৰ

By

Published : Jul 14, 2020, 3:43 PM IST

গুৱাহাটী, 14 জুলাই:কৰ'ণাৰ লগতে ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ । গুৱাহাটী মহানগৰীটো দেখা পোৱা গৈছে বানৰ বিভীষিকা । কৰ'ণাৰ হটস্পট পাণ্ডুত এতিয়া বানৰ সংহাৰী ৰূপ । পাণ্ডুৰ টেম্পলঘাট, 5নং কলনী, 6নং কলনী, পুৰণা বজাৰ আদি অঞ্চল বানৰ কৱলত । কৰ'ণাৰ লগতে বানৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জনতাৰ ।

জালুকবাৰী সমষ্টিত অস্থায়ী শিবিৰ স্থাপন বানাক্ৰান্তৰ

নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হৈছে মহানগৰীত । ইফালে নিৰাপদ স্থান বিচাৰি ৰাজপথলৈ ওলাই আহিল বন্যাৰ্ত । বৰ্তমানলৈ চৰকাৰ-প্ৰশাসনে বন্যাৰ্তৰ কোনো খা-খবৰ নোলোৱাৰো অভিযোগ তুলিছে স্থানীয় লোকে । যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে দুৰ্ভগীয়া জনতাই ।

ইফালে চৰকাৰ-প্ৰশাসনলৈ বাট নাচাই বানাক্ৰান্তই ৰাজপথত নিজেই স্থাপন কৰি লৈছে অস্থায়ী শিবিৰ । মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিজ সমষ্টিবাসীৰ এনে দুৰ্দশা হৈছে যদিও খবৰ লওতা কোনো নাই । উল্লেখ্য যে অঞ্চলটোৰ ৰাইজৰ দুৰ্দশাৰ প্ৰতি এবাৰ চকু দিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে এইসকল জনতাই ।

লগতে চাওক- জলমগ্ন তেজপুৰৰ ঐতিহ্যমণ্ডিত গণেশমন্দিৰ

ABOUT THE AUTHOR

...view details