গুৱাহাটী, 17 অক্টোবৰ: কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শনিবাৰে ক'ভিড-১৯ৰ সময়চোৱাত ব্যৱহৃত বাহনৰ চালক-মালিকে প্ৰতিবাদ সাব্যস্ত কৰে। কৰ'ণাৰ ভয়াৱহতাৰ মাজতো বিভিন্ন লোকক অনা নিয়া কৰিছিল এইসকল চালকে। 'মষ্টি যাত্ৰা আৰু উদয়ন বিজনেছ কনচাল্ট' নামৰ এটা সংস্থাৰ অধীনত আছিল এই সমূহ বাহন। কিন্তু আজিলৈ পাবলগীয়া ধন মোকলাই নিদিলে চালকসকলক, যাৰ বাবে যথেষ্ট অসুবিধাত পৰিছে তেওঁলোক। পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতো সমস্যাৰ সন্মূখীন হৈছে এইসকল চালক। যাৰ বাবে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে বাহনৰ চালক সকল ।
ক'ভিড-১৯ৰ সময়চোৱাত ব্যৱহৃত বাহনৰ চালক-মালিকৰ প্ৰতিবাদ - জিলা উপায়ুক্তক সাক্ষাৎ
প্ৰতিবাদৰ পিছত জিলা উপায়ুক্তক সাক্ষাৎ কৰে চালকসকলৰ প্ৰতিনিধিয়ে। চালকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক কৰিলে অৱগত। শীঘ্ৰেই প্ৰাপ্য ধন মোকলাই দিয়াৰ আশ্বাস দিলে জিলা উপায়ুক্তগৰাকীয়ে।
ক'ভিড-১৯ৰ সময়চোৱাত ব্যৱহৃত বাহনৰ চালক-মালিকৰ প্ৰতিবাদ
ইফালে প্ৰতিবাদৰ পিছত জিলা উপায়ুক্তক সাক্ষাৎ কৰে চালকসকলৰ প্ৰতিনিধিয়ে। চালকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুক কৰিলে অৱগত। ইয়াৰ পিচতে শীঘ্ৰেই প্ৰাপ্য ধন মোকলাই দিয়াৰ আশ্বাস দিলে জিলা উপায়ুক্তগৰাকীয়ে।
লগতে পঢ়ক: ইটিভি ভাৰতৰ সঁফুৰা অনুষ্ঠানৰ এইবাৰৰ অতিথি ৰঞ্জন বেজবৰুৱা