অসম

assam

ETV Bharat / city

মহানগৰীত এদিনতে ২ টাকৈ ডকাইতি - SBI

নিৰ্বিকাৰ আৰক্ষী-প্ৰশাসন

ভুক্তভুগি বিএছএফৰ কামাণ্ডেন্ট খনিন্দ্ৰ চৌধুৰী

By

Published : Mar 2, 2019, 7:34 PM IST

গুৱাহাটী,২ মাৰ্চ: মহানগৰীত একেদিনাই সংঘটিত হ'ল দুটাকৈ ডকাইতিৰ ঘটনা । ১৩ ঘণ্টাৰ ব্যৱধানত মহানগৰীৰ দুটাকৈ স্থানত ডকাইতৰ দলে সংঘটিত কৰিলে ডকাইতি কাণ্ড ।

মহানগৰীত এদিনতে ২ টাকৈ ডকাইতি

প্ৰথমটো ঘটনা বশিষ্ঠৰ গনেশ নগৰত । শুকুৰবাৰে নিশা ১:৩০ বজাত হস্ততাত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অতিৰিক্ত সচিব কণকসেন ডেকাৰ ঘৰত নিশা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি লুটি নিলে নগদ ৫ লাখ-সোণৰ আ-অলংকাৰ। পিষ্টল-চুৰি ডেকাৰ মূৰত থৈ হত্যাৰ ভাবুকিৰে লুটি নিয়ে সমস্ত ধন ।

ইপিনে দ্বিতীয়টো ঘটনা শনিবাৰে জিএছ ৰোডৰ । দিন-দুপৰতে 174 বিএছএফ বেটেলিয়ানৰ কামাণ্ডেন্ট খনিন্দ্ৰ চৌধুৰীৰ পৰা দুৰ্বৃত্তই লুটিলে নগদ ৪.৫ লাখ টকা । দিছপুৰ এছবিআইৰ পৰা ২ লাখ টকা উলিয়াইকামাণ্ডেন্টজন গৈছিল ছয়মাইল এছবিআইলৈ ৷ ইপিনে ছয়মাইল এছবিআইৰ পৰাও উলিয়াইছিল ২.৪ লাখ টকা ৷ কামাণ্ডেন্টজনক ছয়মাইল এছবিআইৰ ভিতৰত কাষতে বহি লৈ অনুসৰণ কৰি আছিল দুৰ্বৃত্তই ৷ তাৰ পাচতেই বেংকৰ পৰা ওলাই অহাৰ পাচতেইহাতত থকা টকাৰ বেগটো থপিয়াই লৈ যায় দুৰ্বৃত্তই ৷ উল্লেখ্য় যে মাত্ৰ কেইটামান ঘণ্টাৰ ব্যৱধানত সংঘটিত হোৱা এনে ঘটনাই স্বাভাৱিকতেই পুণৰবাৰ প্ৰমাণ কৰিলে মহানগৰ আৰক্ষীৰ ফোপোলা স্বৰূপটো ৷

ABOUT THE AUTHOR

...view details