গুৱাহাটী, ১৬ মে': ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত কৰ'ণাৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে । দৈনিক সহস্ৰাধিক লোক কৰ'ণাৰ কৱলত পৰিছে আৰু গড়ে 20 ৰ পৰা 25 গৰাকীকৈ লোকৰ মৃত্যু হৈছে । কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিত্য নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । তৎসত্বেও গুৱাহাটীত কৰ’ণাৰ সংক্ৰমণ ৰোধ হোৱা নাই ।
কৰ'ণাৰ প্ৰথমটো ঢৌ'ত আক্ৰান্তৰ হাৰ আছিল 6 ৰ পৰা 7 শতাংশ । কিন্তু এতিয়া দ্বিতীয় ঢৌ'ত আক্ৰান্তৰ হাৰ 9 ৰ 10 শতাংশলৈ বৃদ্ধি পাইছে । চৰকাৰী তথ্য মতে এপ্ৰিলৰ মাজভাগৰ পৰা গুৱাহাটী মহানগৰীত ক'ভিড আক্ৰান্তৰ সংখ্যা আৰু মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ।
গুৱাহাটীত ক'ভিডৰ দ্বিতীয় ঢৌ'ত ৩৫২ গৰাকীৰ মৃত্যু এপ্ৰিল মাহৰ শেষৰ 13 দিনত গুৱাহাটীত ১১,৩০৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছিল আৰু মৃত্যু হৈছিল ৬৯ গৰাকী লোকৰ । আনহাতে, চলিত মে' মাহৰ বিগত ১৫ দিনত গুৱাহাটীৰ ২০,৫৬৬ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৮৩ গৰাকী লোকৰ মৃত্যু হৈছে । অৰ্থাৎ ১৮ এপ্ৰিলৰ পৰা ১৫ মে'লৈ বিগত ২৮ দিনত গুৱাহাটীত ৩১,৬০২ গৰাকী লোক ক'ভিডৰ কৱলত পৰাৰ বিপৰীতে ৩৫২ গৰাকীৰ মৃত্যু হৈছে ।
গুৱাহাটীত ক'ভিডৰ দ্বিতীয় ঢৌ'ত ৩৫২ গৰাকীৰ মৃত্যু ৰাজধানী চহৰখনৰ ক'ভিড পৰিস্থিতিকলৈ শংকিত হৈ পৰিছে প্ৰশাসন । ইতিমধ্যে প্ৰশাসনে গুৱাহাটীৰ আঠটাকৈ ৱাৰ্ড কৰ'ণাৰ হটস্পট ৰূপে চিনাক্ত কৰিছে আৰু বিভিন্ন অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ।
উল্লেখ যে, ২৬ এপ্ৰিলৰ পৰা প্ৰতিদিনে গুৱাহাটী মহানগৰীত সহস্ৰাধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে । বিগত ২৪ ঘণ্টাত গুৱাহাটীত ১,০১২ গৰাকী নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২১ গৰাকীৰ মৃত্যু হৈছে ।
গুৱাহাটীত ক'ভিডৰ দ্বিতীয় ঢৌ'ত ৩৫২ গৰাকীৰ মৃত্যু তথ্য অনুসৰি বৰ্ত্তমানলৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ১১,৩৪০ গৰাকী । ইয়াৰে ৯,০২০ গৰাকী হোম আইছ'লেচনত থকাৰ বিপৰীতে ২,৩২০ গৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
উল্লেখ যে, গুৱাহাটীত ১৮ এপ্ৰিলত ৩৫৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছিল এগৰাকীৰ । সেইদৰে ১৯ এপ্ৰিলত ৪৮২ গৰাকী আক্ৰান্ত আৰু চাৰিগৰাকীৰ মৃত্যু, ২০ এপ্ৰিলত ৭৪২ গৰাকী আক্ৰান্ত আৰু দুইগৰাকীৰ মৃত্যু, ২১ এপ্ৰিলত ৬৭৪ গৰাকী আক্ৰান্ত আৰু এগৰাকীৰ মৃত্যু ৷
গুৱাহাটীত ক'ভিডৰ দ্বিতীয় ঢৌ'ত ৩৫২ গৰাকীৰ মৃত্যু ২২ এপ্ৰিলত ৬৮০ গৰাকী আক্ৰান্ত আৰু তিনিগৰাকীৰ মৃত্যু, ২৩ এপ্ৰিলত ৮৮৩ গৰাকী আক্ৰান্ত আৰু পাঁচগৰাকীৰ মৃত্যু, ২৪ এপ্ৰিলত ৮৫১ গৰাকী আক্ৰান্ত আৰু তিনিগৰাকীৰ মৃত্যু ৷ ২৫ এপ্ৰিলত ৭৯১ গৰাকী আক্ৰান্ত আৰু আঠগৰাকীৰ মৃত্যু, ২৬ এপ্ৰিলত ১,১৫৩ গৰাকী আক্ৰান্ত আৰু আঠগৰাকীৰ মৃত্যু ৷
২৭ এপ্ৰিলত ১,৩১৩ গৰাকী আক্ৰান্ত আৰু পাঁচগৰাকীৰ মৃত্যু, ২৮ এপ্ৰিলত ১,২০৬ গৰাকী আক্ৰান্ত আৰু ছয়গৰাকীৰ মৃত্যু, ২৯ এপ্ৰিলত ১,০২৯ গৰাকী আক্ৰান্ত আৰু ১৫ গৰাকীৰ মৃত্যু আৰু ৩০ এপ্ৰিলত ১,১৮৪ গৰাকী আক্ৰান্ত আৰু আঠগৰাকীৰ মৃত্যু হৈছিল ।
আনহাতে, মে' মাহৰ পহিলা মে'ত ১,৪১৭ গৰাকী আক্ৰান্ত আৰু ৯ গৰাকীৰ মৃত্যু, ২ মে'ত ১,০৯৯ গৰাকী আক্ৰান্ত আৰু ১২ গৰাকীৰ মৃত্যু, ৩ মে'ত ১,৬৪৫ গৰাকী আক্ৰান্ত আৰু ১৩ গৰাকীৰ মৃত্যু, ৪ মে'ত ১,৪১৫ গৰাকী আক্ৰান্ত আৰু ১৫ গৰাকীৰ মৃত্যু ৷
৫ মে'ত ১,৩৮৩ গৰাকী আক্ৰান্ত আৰু ১৮ গৰাকীৰ মৃত্যু, ৬ মে'ত ১,৩৫৩ গৰাকী আক্ৰান্ত আৰু ১৩ গৰাকীৰ মৃত্যু, ৭ মে'ত ১,৫৫১ গৰাকী আক্ৰান্ত আৰু ১৫ গৰাকীৰ মৃত্যু, ৮ মে'ত ১,৫৪৩ গৰাকী আক্ৰান্ত আৰু ১৬ গৰাকীৰ মৃত্যু, ৯ মে'ত ১,৩৪৬ গৰাকী আক্ৰান্ত আৰু ১৭ গৰাকীৰ মৃত্যু ৷ ১০ মে'ত ১,৪৮১ গৰাকী আক্ৰান্ত আৰু ৩০ গৰাকীৰ মৃত্যু, ১১ মে'ত ১,৫৮৫ গৰাকী আক্ৰান্ত আৰু ৩৫ গৰাকীৰ মৃত্যু ৷
১২ মে'ত ১,৪৫৬ গৰাকী আক্ৰান্ত আৰু ২৬ গৰাকীৰ মৃত্যু, ১৩ মে'ত ১,১৭৩ গৰাকী আক্ৰান্ত আৰু ২৩ গৰাকীৰ মৃত্যু, ১৪ মে'ত ১,১০৭ গৰাকী আক্ৰান্ত আৰু ২০ গৰাকীৰ মৃত্যু আৰু ১৫ মে'ত ১,০১৩ গৰাকী আক্ৰান্ত আৰু ২১ গৰাকীৰ মৃত্যু হৈছে ।
এই সংখ্যাৰ পৰা এটা কথা স্পষ্ট হৈছে যে বিগত তিনিদিনৰ পৰা গুৱাহাটীত আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা তুলনামূলকভাৱে কিছু কমি আহিছে । উল্লেখ যে, নাগৰিসকল সজাগ-সচেতন নহলে গুৱাহাটীৰ ক'ভিড পৰিস্থিতি উন্নত নহ'ব । পৰিস্থিতি অধিক বেয়া হ'লে সম্পূৰ্ণ লকডাউন দিয়াৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :নতুন ক’ভিড নিৰ্দশনা অনুসৰি মঙলদৈত বন্ধ হ’ল সকলো দোকান-পোহাৰ