অসম

assam

ETV Bharat / city

দিপাৱলীৰ পূৰ্বেই ৰাজ্যত নিষিদ্ধ চীনা সামগ্ৰীঃ আৰক্ষী আয়ুক্ত - CP Deepak kumar news update

ৰাজ্যত নিষিদ্ধ কৰা হৈছে চীনা সামগ্ৰীৰ বিক্ৰী ৷ ৰাতি 8 বজাৰ পৰা 10 বজাৰ ভিতৰত সেউজ ফটকা অৰ্থাৎ প্ৰদুষণমুক্ত ফটকাৰে দিপাৱলী উদযাপন কৰিব পাৰিব ৰাজ্যবাসীয়ে ৷ আৰক্ষী আয়ুক্ত দীপক কুমাৰ (আইপিএছ)এ সংবাদ মাধ্যমৰ আগত এই তথ্য উল্লেখ কৰিছে ৷

দিপাৱলীক লৈ আৰক্ষী আয়ুক্ত দীপক কুমাৰ

By

Published : Oct 24, 2019, 8:54 PM IST

গুৱাহাটী, 24 অক্টোবৰঃপোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাতে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই ৰাজ্যবাসীক জনাইছে শুভেচ্ছা ৷ দিপাৱলীৰ শুভেচ্ছাৰে শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ৰাজ্য চৰকাৰে বান্ধি দিয়া নিয়ম-প্ৰণালীসমূহ ৷

লগতে পঢ়কঃ জনীয়াত কংগ্ৰেছৰ দুৰ্গ ভেদি এ আই ইউ ডি এফৰ ৰফিকুল ইছলামৰ বৃহৎ জয়

ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে জনাই যে, ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে চীনা আতচবাজীৰ বিক্ৰী তথা ব্যৱহাৰ ৷ আৰক্ষী তথা ৰাজ্য প্ৰশাসনে নিৰ্দিষ্ট কৰি দিয়া 19টাকৈ স্থানৰ পৰা গুৱাহাটীবাসীয়ে আতচবাজী ক্ৰয় কৰিব পাৰিব ৷ দিপাৱলী উদযাপনৰ বাবে প্ৰশাসনে বান্ধি দিয়া নিয়ম ভংগ কৰিলেই আইন অনুসৰি শাস্তিৰ সন্মুখীন হ'ব নিয়ম ভংগকাৰী ৷

দিপাৱলীক লৈ আৰক্ষী আয়ুক্ত দীপক কুমাৰ

দিপাৱলীৰ সমগ্ৰ দিশ নিৰীক্ষণ কৰিবলৈ আৰক্ষী প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক সষ্টম কৰি থৈছে ৷ ইয়াৰ লগতে গুৱাহাটীত আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ লগতে বিভিন্ন স্থানত গঠন কৰা হৈছে বিশেষ ফ্লায়িং স্কোৱাদ ৷ এইসমূহ ফ্লায়িং স্কোৱাদে দিপাৱলীৰ সমগ্ৰ দিশ নিৰীক্ষণ কৰাৰ লগতে ৰাইজক সজাগ কৰিব ৷

লগতে পঢ়কঃ ৰাতাবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ জয় লাভ

গুৱাহাটীৰ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নুনমাটি শোধনাগাৰৰ 500 মিটাৰ বাস্যাৰ্ধৰ ভিতৰত কোনোধৰনৰ ফটকা ফুটাব নোৱাৰিব ৷ ইয়াৰ লগতে কম প্ৰাবল্যযুক্ত প্ৰদুষণমুক্ত সেউজ আতচবাজীয়ে ফুটাব পাৰিব ৰাইজে ৷ অনুজ্ঞাপত্ৰ থকা বিপনীৰ পৰাহে ৰাইজে ক্ৰয় কৰিব পাৰিব আতচবাজীকে ধৰি বিভিন্ন ফটকা ৷ নিশা 10 বজাৰ পিচত কোনোৱেই ফটকা ফুটোৱা অথবা হাল্লা কৰিব নোৱাৰিব ৷

লগতে পঢ়কঃ ৰঙাপৰা সমষ্টিত ৰাজেন বৰঠাকুৰৰ জয়

আৰক্ষী বিষয়াগৰাকীয়ে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনোৱাৰ লগতে সদৌ অসমবাসীলৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details