অসম

assam

হিমাচলৰ কুলু নদীত উটি যোৱা প্ৰিয়ংকাৰ বিষয়ে কি কলে আৰক্ষী আয়ুক্তই...?

By

Published : Oct 18, 2019, 1:43 AM IST

হিমাচল প্ৰদেশৰ কুলু নদীত উটি যোৱা গুৱাহাটীৰ প্ৰিয়ংকা জৈন সন্দৰ্ভত আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ মন্তব্য ৷ বৰ্তমানেও সন্ধানহীন প্ৰিয়ংকা ৷

হিমাচলৰ কুলু নদীত উটি যোৱা প্ৰিয়ংকাৰ বিষয়ে কি কলে আৰক্ষী আয়ুক্তই...?

  • গুৱাহাটী,17 অক্টোবৰ : হিমাচল প্ৰদেশলৈ ভ্ৰমণত যোৱা গুৱাহাটীৰ মুকেশ জৈনৰ কন্যা প্ৰিয়ংকা জৈনে বুধবাৰে মণিকৰ্ণ উপত্যকাৰ কুলু নদীত নৈৰ পাৰত শিলত বহি চেল্ফি লৈ থাকোতে উটি যায় নৈত । পাছত উদ্ধাৰকাৰী দলে নদীৰ বুকুত অভিযান চলাই যদিও প্ৰিয়ংকাক উদ্ধাৰ কৰিবলৈ অসমৰ্থ হয় । বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান । এই ঘটনা সম্পৰ্কে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে কুলু আৰক্ষীৰে ঘটনা সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছে । প্ৰিয়ংকাৰ সন্ধান পোৱা মাত্ৰকে উদ্ধাৰ কৰিব আৰু পৰিয়ালৰ হাতত গতাই দিব বুলি উল্লেখ কৰে । বৰ্তমানেও প্ৰিয়ংকাৰ কোনো ধৰণৰ খবৰ লাভ কৰা নাই । মহানগৰীৰ ফাঁচী বজাৰৰ কেডাৰ ৰোডৰ জৈন গলিৰ বাসিন্দা আছিল প্ৰিয়ংকা ।
    হিমাচলৰ কুলু নদীত উটি যোৱা প্ৰিয়ংকাৰ বিষয়ে কি কলে আৰক্ষী আয়ুক্তই...?

ABOUT THE AUTHOR

...view details