অসম

assam

By

Published : Oct 9, 2019, 5:15 AM IST

ETV Bharat / city

ব্যস্ত মহানগৰীৰ সদাজাগ্ৰত প্ৰহৰী : যান-বাহন আৰক্ষী

পূজাত সকলো ত্যাগ কৰি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি মহানগৰবাসীক উপহাৰ দিলে দিলে এক সুৰক্ষিত দুৰ্গা পূজা ৷

ব্যস্ত মহানগৰীৰ সদাজাগ্ৰত প্ৰহৰী : যান-বাহন আৰক্ষী

গুৱাহাটী, 8 অক্টোবৰ: মঙলবাৰে বিজয়া দশমীৰ দিনা সকলোকে কন্দুৱাই ধৰাপৃষ্ঠৰ পৰা বিদায় মাগিলে মা দুৰ্গাই আৰু ইয়াৰ লগে লগেই ৰাজ্যত অন্ত পৰিল যোৱা চাৰিদিনৰ ব্যস্ততা ৷ বিজয়া দশমীৰ দিনা দেৱীক উটুৱাই অশ্ৰুশিক্ত নয়নৰে নিজ নিজ গৃহলৈ উভতিল ভক্তপ্ৰাণ ৰাইজ, শেষ হ'ল শাৰদীয় দুৰ্গোৎসৱ ৷ মহানগৰীত বিজয়া দশমীৰ দিনাও সদাব্যস্ত প্ৰহৰীৰ ৰূপত দেখা গ'ল মহানগৰ যান-বাহন আৰক্ষীক ৷ যোৱা 5 অক্টোবৰত মহাষষ্ঠীৰ পৰা আৰম্ভ হোৱা দুৰ্গাপূজাৰ চাৰিদিন ব্যস্ত মহানগৰীৰ যান-বাহন নিয়ন্ত্ৰনকে আদি কৰি সকলো দায়িত্ব শৃংখলাবদ্ধ ভাবে পালন কৰিলে মহানগৰ যান বাহন আৰক্ষীয়ে ৷ যাৰ ফলত পূজাৰ আনন্দটো বাদেই দেৱী দৰ্শনৰ বাবেও অলপ সময় উলিয়াব নোৱাৰিলে মহানগৰীৰ ট্ৰেফিক পুলিচ সকলে ৷ কিন্তু তথাপিও যেন কোনো আক্ষেপ নাই এই সকল ট্ৰেফিক পুলিচৰ ৷

সদাব্যস্ত মহানগৰীৰ অনন্য প্ৰহৰী : ট্ৰেফিক পুলিচ

বিজয়া দশমীৰ দিনাও মহানগৰীৰ 490 খন পূজা পেণ্ডেল আৰু ভক্তপ্ৰাণ ৰাইজক মা দুৰ্গাক বিসৰ্জনৰ বাবে ৰাষ্টা-ঘাট সুচল কৰি শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ ভাবে দেৱী বিসৰ্জনৰ কাৰ্য সম্পন্ন কৰাৰ সুযোগ প্ৰদান কৰিলে মহানগৰ যান-বাহন আৰক্ষীয়ে ৷ দশমীৰ দিনাৰ গুৱাহাটীক যানযতৰ পৰা মুক্ত কৰাৰ বাবে মঙলবাৰে মহানগৰীৰ বহু ৰাস্তা বন্ধ কৰি দিয়ে যান-বাহন আৰক্ষীয়ে যাৰ ফলত বিজয়া দশমীৰ ব্যস্ততম দিনটোক মহানগৰীৰ কতো দেখা নগ'ল আগৰ দৰে বৃহৎ যানযত ৷ মূল কথাত কবলৈ গ'লে এইবাৰৰ দুৰ্গাপূজা নিয়াৰিকৈ চলাই নিলে যান-বাহন আৰক্ষীয়ে ৷ নিজেই পূজা নাচাই আনক এক সন্দুৰ তথা শান্তিপূণ আৰু সুৰক্ষিত দুৰ্গাপূজা চোৱাৰ সুযোগ দিয়া এইসকল মহানগৰীৰ অনন্য প্ৰহৰীক ইটিভি ভাৰতৰ তৰফৰ পৰাও যাচিছো এটি সন্মানৰ চেল্যুট ৷

ABOUT THE AUTHOR

...view details