মহানগৰীত অনিয়ন্ত্ৰিত চিটিবাছ চালক - বাহন
মহানগৰ জিলা পৰিবহন বিভাগৰ নিয়ম অমান্য চিটিবাছ চালকৰ, নিজ ইচ্ছামতে চলায় গৈছে নিজৰ বাহণ, বাহনত লগোৱা নাই নিজৰ ফটো, য'ত-ত'ত ৰখাইছে বাহন, এইসকল চিটিবাছ চালকক নিয়ন্ত্ৰণ কৰিবলৈ আহৰি নাই মহানগৰ জিলা পৰিবহন বিভাগৰ
গুৱাহাটী,১২মে' : মহানগৰ জিলা পৰিবহন বিভাগৰ কোনো নিয়ম নামানে মহানগৰীৰ চিটিবাছ চালকে । তিনিমাহ পূৰ্বে মহানগৰীৰ চিটিবাছ চালকক দিয়া হৈছিল কেবাটাও নিয়ম । চিটিবাছ চালকে সন্মুখৰ গ্লাছত লগাব লাগিব নিজৰ ফটো । এটা ষ্টপেজত এক মিনিটতকৈ অধিক ৰব নোৱাৰিব নিজৰ বাহন । , আনকি বাছ চালকে যত-তত বাছ ৰখোৱা নিষেধ কৰাৰ বাবেও প্ৰতি ১ কিলোমিটাৰৰ মুৰে-মুৰে কৰা হৈছিল ষ্টপেজৰ ব্যৱস্থা । কিন্তু মহানগৰীৰ বাছ চালকে নিজৰ স্থিতিতেই অটল হৈ থাকিল । নিজৰ ইচ্ছমতে চলায় গৈছে নিজৰ বাহন । কাৰণ মহানগৰ জিলা পৰিবহন বিভাগৰ সময় নাই মহানগৰীৰ চালকক নাকি লগাবলৈ । বিভাগীয় নীতি নিৰ্দেশনা কাগজ-কলমত সীমাবদ্ধ ৰাখি নিজৰ দায়িত্ব সামৰিছে বিভাগটোৱে ।