গুৱাহাটী,25চেপ্তেম্বৰ :মংগলবাৰে জালুকবাৰী আৰক্ষীৰ জালত গাড়ী চোৰ ৷ ধৃত চোৰটোৰ নাম অভিনাশ কৰ ৷
জালুকবাৰী আৰক্ষীৰ জালত গাড়ী চোৰ!
জালুকবাৰী আৰক্ষীৰ জালত পৰে অভিনাশ কৰ নামৰ ধৃত চোৰ এটা ৷ ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত ৷
উল্লেখ্য যে, ১৬ ছেপ্টেম্বৰত চৌৰঞ্জিৎ সিং নামৰ ব্যক্তি এজনৰ চাৰিচকীয়া বাহন চুৰি হৈছিল ৷ ব্যক্তিগৰাকীৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি জালুকবাৰী আৰক্ষীয়ে ২২ তাৰিখে ত্ৰিপুৰাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল সুৰজিৎ দেৱ বৰ্মা নামৰ এটা চোৰক ৷ ধৃত সুৰজিৎ দেৱ বৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে অভিনাশ কৰ নামৰ আন এটা চোৰক ৷ এই চোৰ দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে সোণৰ আ-অলংকাৰ, মোবাইল এটা, বিলাসী ঘড়ী, চুৰি গাড়ীসহ বহু আপত্তিজনক নথি-পত্ৰ ৷ সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷