গুৱাহাটী, 21 ডিচেম্বৰ : কংক্ৰিটৰ মহানগৰীত জীৱ-জন্তু আৰু পক্ষীকূলৰ প্ৰতি থকা প্ৰেমৰ বাবে এগৰাকী উদীয়মান যুৱকে নিজ প্ৰচেষ্টাত মহানগৰীত গঢ়ি তুলিছে এখন ক্ষুদ্ৰ পক্ষী উদ্যান । সৰুৰে পৰা জীৱ-জন্তু পোহাৰ ক্ষেত্ৰত আগ্ৰহী এই যুৱকজনে ঘৰৰ চাদৰ ওপৰতে বিজ্ঞানসন্মতভাৱে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ পক্ষী উদ্যান (Guwahati boy sets up micro bird sanctuary atop residential building) ৷
অকল চৰায়ে নহয়, থলুৱা আলংকাৰিক মাছ পালন কৰি নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিছে যুৱকজনে (Attains self sufficiency through ornamental fish rearing) ৷
খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ মনীষ বৰাই নিজাববীয়া প্ৰচেষ্টাৰে আৰম্ভ কৰা এই ক্ষুদ্ৰ পক্ষী উদ্যানখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ পক্ষী ভাল পোৱা ছয়মাইলৰ শিৱ মন্দিৰ পথৰ বাসিন্দা মনীষ বৰাই জনোৱা মতে, 2018 চনৰ পৰাই বিজ্ঞানসন্মতভাৱে স্থাপন কৰা পাৰ চৰাইৰ ফাৰ্মখনত সম্প্ৰতি প্ৰায় 18-20 বিধ মান পাৰ চৰাই আছে । ইয়াৰোপৰি এই ক্ষুদ্ৰ পক্ষী উদ্যানখনত দেশৰ বিভিন্ন প্ৰান্তৰ চিৰাজি, বিউটী হোমাৰ, ৰাণ্ট আদিকে ধৰি প্ৰায় 20 টা প্ৰজাতিৰ পাৰ পুহিছে যুৱকজনে ৷