গুৱাহাটী, ২১ নৱেম্বৰঃ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্ত্ৰা অতুলচন্দ্ৰ দাসৰ "জীৱন পথাৰত লেছেৰী বুটলি" নামৰ গ্ৰন্থখনি উন্মোচন কৰা হয়। এম হাফিজ আলীৰ সম্পাদনা তথা ৰুণুমী দাসে প্ৰকাশ কৰা দাসৰ জীৱনৰ আধাৰত ৰচিত "জীৱন পথাৰত লেছেৰী বুটলি" উন্মোচন কৰে পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ডাঃ ইলিয়াছ আলীয়ে।
"জীৱন পথাৰত লেছেৰী বুটলি" শীৰ্ষক গ্ৰন্থ উন্মোচন - guwahati
গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত এম হাফিজ আলীৰ সম্পাদনা তথা ৰুণুমী দাসে প্ৰকাশ কৰা দাসৰ জীৱনৰ আধাৰত ৰচিত "জীৱন পথাৰত লেছেৰী বুটলি" উন্মোচন কৰে পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ডাঃ ইলিয়াছ আলীয়ে।
উন্মোচনী সভাত গ্ৰন্থখনৰ ৰচক অতুল চন্দ্ৰ দাসে মনৰ ভাব প্ৰকাশ কৰি কয় যে কিতাপখন বিশেষকৈ নতুন প্রজন্মৰ উদ্দেশ্যে প্রণয়ন কৰা হৈছে। কেনেকৈ দাল-দৰিদ্ৰ অৱস্থাৰ পৰা নানা ঘাত-প্রতিঘাতৰ মাজেৰে অসীম ধৈৰ্য সহকাৰে পঢ়া-শুনা কৰি অভিযান্ত্রিক শিক্ষাৰ দৰে ব্যয়বহুল শিক্ষা গ্রহণ কৰিব পাৰি তাৰ বৰ্ণনা কৰা হৈছে। তদুপৰি লিখকৰ ল'ৰালিৰ কিছুমান হাস্যমধুৰ ঘটনা সন্নিবিষ্ট কৰাৰ লগতে ভোকে-লঘোণে থাকিও তেওঁ জীৱন গঢ়াৰ সপোন পাহৰা নাছিল । সকলো স্তৰৰ মানুহ বন্ধুৰ পৰা বুঢ়া-মেঠালৈকে সহায় আৰু আশীৰ্বাদৰ কাৰণে আজি লিখক অসম চৰকাৰৰ ৰাজকীয় দপ্তৰ গড়কাপ্তানী বিভাগৰ পৰা কোনো দুর্নীতি নকৰাকৈ যে ২০০৭চনৰ ৩০ জুনত অতিৰিক্ত মুখ্য অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰিবলৈ সমৰ্থ হ'ল ৷ গ্ৰন্থখনত তেওঁৰ জীৱন কালত পৰিদৃষ্ট হোৱা কিছুমান ঘটনা উল্লেখ কৰা হৈছে। অস্পৃশ্যতা, বয়স্ক লোকৰ অভিভাৱকত্ব, মাতৃসম কিছু মহীয়সী নাৰীৰ সমবেদনা, শিক্ষকসকলৰ মৰম আৰু আশীৰ্বাদ, হিন্দু মুছলমানৰ সম্প্রীতি আদি কিছু পৰিমাণে দাঙি ধৰাৰ যত্ন কৰা হৈছে বুলি লেখক দাসে মন্তব্য কৰে।
উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰাই আঁতধৰা অনুষ্ঠানটিত উপস্থিত থাকি উন্মোচক ডাঃ ইলিয়াছ আলীৰ লগতে গ্ৰন্থখনিৰ সম্পাদক এম হাফিছ আলীয়ে বক্তব্য আগবঢ়াই গ্রন্থখন পঢ়ুৱৈ সমাজে বিশেষকৈ নৱপ্রজন্মই আঁকোৱালি ল’লে লিখকৰ পৰিশ্রম সার্থক হ’ব বুলি আশা ব্যক্ত কৰে।
লগতে পঢ়ক: 'Ridip Abhilash craftlet'ৰ সৈতে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা'